অসমৰ কেবিনেটে অনুমোদন কৰিলে ২০২০ বৰ্ষৰ বন্ধৰ তালিকা

অসমৰ কেবিনেটে অনুমোদন কৰিলে ২০২০ বৰ্ষৰ বন্ধৰ তালিকা

গুৱাহাটী: মঙ্গলবাৰে অসমৰ কেবিনেটে অনুমোদন কৰিলে ২০২০ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা।তালিকাৰ অনুমোদন অনুসৰি ৰাজ্য চৰকাৰৰ প্রায় ৫লাখ চৰকাৰী চাকৰিয়ালে লাভ কৰিব ৩৫ টা দিনৰ চৰকাৰী বন্ধ আৰু ৩১ টা দিনৰ সীমিত বন্ধ।

সীমিত বন্ধ আৰু নিৰ্বাচিত বন্ধ সমূহ নিৰ্বাচনৰ সুবিধা থাকিব প্ৰতিজন কৰ্মচাৰীলৈ আৰু প্ৰতিজন কৰ্মচাৰীয়ে সিদ্ধান্ত লব পাৰিব সাই নিৰ্দিষ্ট দিনটোত তেওঁলোকে চুটি লব নে নলয় । শিল্পী দিবস ,গোপাল দেৱ তিথি,কৰম পূজা,আলি আই লিংগাং উৎসৱ আৰু আন কেইটামান দিন নিৰ্দিষ্ট কৰা হৈছে সীমিত বন্ধ হিচাপে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে।যি সকল কৰ্মচাৰী এই উৎসৱ বা অনুষ্ঠানৰ সৈতে সংযোগ অথবা জড়িত তেওঁলোকে এই বন্ধ লাভ কৰিব।উদাহৰণ হিচাপে এজন মুছলিম কৰ্মচাৰীয়ে গোপাল দেৱ তিথি বা কৰম পূজাত সীমিত বন্ধৰ সুবিধা লাভ নকৰে ।দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু দেওবাৰৰ বন্ধ যেতিয়া কাৰ্যালয় বন্ধ থাকে তাৰ উপৰিও চৰকাৰী কৰ্মচাৰীসকলে ১১৩ দিনৰ বন্ধ লাভ কৰিব।এই নিশ্চিত বন্ধৰ উপৰিও সাধাৰণ প্ৰশাসনিক বিভাগ আৰু সহকাৰী আয়োগে ঘোষণা কৰিব পাৰে এটা বা দুটা বন্ধ।অন্যহাতে বাঁহ খেতিক এক নতুন গতি দিয়াৰ উদ্দেশ্যৰে আৰু ৰাজ্যত এক সেউজ আন্দোলন সৃষ্টিৰ উদ্দেশ্যৰে অসম চৰকাৰৰ কেবিনেটে বাঁহ আৰু বেতৰ ক্ষেত্ৰতো কিছু আঁচনি হাতত লৈছে।

এই নতুন আঁচনি অনুসৰি ৰাজ্য চৰকাৰে ৰাজ্যৰ ১০০০ হেক্টৰ ভূমিত বাঁহ খেতি কৰিব।প্ৰতিডাল গা গাজৰ বিনিময়ত ৰাজ্য চৰকাৰে বাঁহৰ খেতি কৰাসকলক দুই টকা ৪০ পইচা কৈ উদগনি হিচাপে দিয়া হব। উদগনি মূলক ধন যি কৃষিকৰ্মৰ সময়ত প্ৰথম বছৰত ৫০% দিয়া হব আৰু বাকী ৩০%আৰু ২০ %ধন দুটা ভাগত দিয়া হব।গাহৰি আৰু ছাগলী পালন কৰা সকলক আৰু এডভ।ন্স ব্ৰীডিং কৰা সকলক ৫০শতাংশ ৰেহাইৰো ব্যৱস্থা কৰিছে।কেবিনেটে পশুপালন ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ গুৰুত্ব দিয়াৰ লগতে।ৰাজ্যত থকা বিভিন্ন উদ্যোগ আৰু কাৰখানাত কাম কৰা মহিলা কৰ্মচাৰী তথা কৰ্ম কৰ্তাক বিনামূলীয়া নেপকিন দিয়াৰ বাবেও বাধ্যতামূলক নিৰ্দেশ দিছে কেবিনেটে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Congress party and Rahul Gandhi must apologize to the country: Assam BJP

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com