Begin typing your search above and press return to search.

অৰ্থনৈতিক অপৰাধ : ২০১৬ ৰ পৰা গ্ৰেপ্তাৰ ১২৩ গৰাকী লোকক

অৰ্থনৈতিক অপৰাধ : ২০১৬ ৰ পৰা গ্ৰেপ্তাৰ ১২৩ গৰাকী লোকক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Nov 2019 7:16 AM GMT

অৰ্থনৈতিক অপৰাধ : ২০১৬ ৰ পৰা গ্ৰেপ্তাৰ ১২৩ গৰাকী লোকক।অসমত সংঘটিত হোৱা অৰ্থনৈতিক অপৰাধৰ সংখ্যা হিচাপত ২০১৬ ৰ পৰা ৰাজ্যত সংঘটিত বিভিন্ন গোচৰত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে ১২৩ গৰাকী লোকক।এক বিশেষ সূত্ৰ মতে, ২০১৬ ত সংঘটিত বিভিন্ন অৰ্থনৈতিক অপৰাধৰ ২৪টা গোচৰৰ বিপৰীতে ২৫জন লোকক গ্ৰেপ্তাৰ ,২০১৭ চনত ২৫ টা গোচৰৰ বিপৰীতে ২৭ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে, ২০১৮ চনত ২৯ টা গোচৰৰ বিপৰীতে ৩৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আনহাতে চলিত বৰ্ষত বৰ্তমানলৈকে ৩৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ১৫ টা গোচৰৰ বিপৰীতে।২০১৮ -- ২০১৯ বৰ্ষত সবাতোকৈ বৃহৎ সংখ্যা হাৰত বেংক সেৱা খণ্ডত ২৩ টা বিসংগতি পঞ্জীয়ন ভুক্ত হৈছে আৰু ৩০গৰাকী বেংক কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।অন্য বেংকসমূহৰ সৈতে এই তালিকাত অন্তৰ্ভুক্ত হৈছে পঞ্জাৱ নেচনেল বেংক, ইউনিয়ন বেংক আৰু ইউনাইটেড বেংক ৰ দৰে বেংকৰ নামো।

শেহতীয়াকৈ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই "অসম ভেজিটেবল গ্ৰৱ।ৰছ কৰপৰাতিভ ছছাইটী লিমিটেড "ত প্রায় ২০কোটি টকাৰ বিভিন্ন বিসংগতি ধৰা পেলাইছে । শেহতীয়াকৈ স্প।র্ক ফেশ্যন কনজুম।ৰ মাৰ্কেটিং প্ৰ।ইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ বিভিন্ন অথনৈতিক অপৰাধৰ বাবে

চাৰি গৰাকী সঞ্চালকক গ্ৰেপ্তাৰ কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : কেবে পাঁচ লাখ লোকৰ সমস্যা সমাধান কৰিব: হিমন্ত বিশ্ব শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক: Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি