কেবে পাঁচ লাখ লোকৰ সমস্যা সমাধান কৰিব: হিমন্ত বিশ্ব শৰ্মা

কেবে পাঁচ লাখ লোকৰ সমস্যা সমাধান কৰিব:  হিমন্ত বিশ্ব শৰ্মা

কেবে পাঁচ লাখ লোকৰ সমস্যা সমাধান কৰিব: হিমন্ত বিশ্ব শৰ্মা ।অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে কয় যে, নাগৰিকত্ব সংশোধনী বিল(কেব)২০১৯ এ ৰাজ্যৰ চাৰিৰ পৰা পাঁচ লাখ লোকৰ নাগৰিকত্ব বিষয়ক সমস্যাৰ সমাধান কৰিব।

আগন্তুক শীতকালীন অধিবেশনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়চৰকাৰে লোকসভা আৰু ৰাজ্যসভা দুয়োতে কেব গৃহীত কৰাৰ লক্ষ্য লোৱাৰ সময়তে হিমন্তৰ মন্তব্যই ইয়াৰে পূৰ্বানুমান দিছে।কেবক আইনত পৰিণত কৰাৰ ক্ষেত্ৰত বিজেপিৰ লক্ষ্য সম্পৰ্কে মহানগৰীলৈ অহা শেষ ভ্ৰমণকালত ইতিমধ্যে স্পষ্টকৈ কৈ গৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।অহা ১৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হব শীতকালীন অধিবেশন যত উত্থাপিত হব কেব।

২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ওচৰচুবুৰীয়া দেশ বিশেষকৈ বাংলাদেশৰ পৰা অহা নিৰ্যাতনৰ সন্মুখীন হোৱা ধৰ্মীয় সংখ্যালঘুসকলক

আশ্ৰয়,সুৰক্ষা আৰু নাগৰিকত্ব প্ৰদান কৰিব কেবএ।

"ৰাজ্যত বসবাস কৰা চাৰি ৰ পৰা পাঁচ লাখলোকৰ সমস্যা সমাধান কৰিব বিলখনে।আগন্তুক অসম বিধানসভাৰ শীতকালীন অধিবেশনত আমি এই বিষয়ে উত্থাপন কৰিম।ইয়াৰে সকলোখিনি লোকেই বিলখনৰ দ্বাৰা উপকৃত হব ,আনহাতে প্রায় দুই লাখ লোক বৰ্তমান আছে বৰাক ভেলীত। যেতিয়াই এই সকল লোকৰ সমস্যা সমাধান হব অসম উন্নতিৰ পথত আগবাঢ়িব।" এইদৰে মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। কেবৰ বৰ্তমানৰ দফা আগৰখন বিলতকৈ বহু পৃথক।তেওঁ কয় যে বিল খন গৃহীত হোৱাৰ পিছত সমগ্ৰ উত্তৰ পূবৰ ব্যতিক্রম কলা সংস্কৃতি , নৃগোষ্ঠীত যাতে প্ৰভাৱ নপৰে তাৰ বাবে নতুন প্ৰস্তাৱিত কেবৰ দফাত গুৰুত্ব দিয়া হৈছে।

কেবৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত অব্যাহত থকা প্ৰতিবাদ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতিবাদ ,আন্দোলন আদি গণ তন্ত্ৰৰ এটা অংশ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Congress Party stage protest in Tinsukia wearing garland of Potatoes and Onions

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com