কেবৰ বিৰুদ্ধে প্ৰতিবাদ ," আমি কেতিয়াও কেব গ্ৰহন নকৰো" : আছু আৰু নেছ'

কেবৰ বিৰুদ্ধে প্ৰতিবাদ ," আমি কেতিয়াও কেব গ্ৰহন নকৰো" : আছু আৰু নেছ' । নতুন দিল্লী ১৮ নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিবেশন । সোমবাৰৰ পৰা আৰম্ভ হ'ব লগীয়া সংসদৰ শীতকালীন অধিবেশনত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক খন লোক সভাত উত্থাপনৰ বাবে কেন্দ্ৰ‌ই তালিকাভূক্ত কৰিছে । তদুপৰি বিতৰ্কিত কেব গৃহীত কৰাৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বি জে পিৰ এন ডি এ চৰকাৰ খন দৃঢ় প্ৰতিজ্ঞ । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে বহু দল সংগঠন তথা ছাত্ৰ সংগঠন সমূহে ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাই নাগৰিকত্ব আইন সংশোধনী বিধেয়ক খন কেন্দ্ৰীয় চৰকাৰে জনসাধৰণৰ ওপৰত বলপূৰ্বক ভাৱে জাপি দিয়া সিদ্ধান্তক সকীয়নি দিছে ।‌ তদুপৰি নেছ'ই ১৮ নৱেম্বৰ তাৰিখে ৰাজ্যৰ ৰাজধানীত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ আহ্বান জনাইছে।

অসম মন্ত্ৰী তথা এন ডি এ ৰ সংযোজক ড° হিমন্ত বিশ্ব শৰ্মাই কেবৰ সমৰ্থনত কৰা মন্তব্যৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শুকুৰবাৰে আছু আৰু নেছ'ৰ‌ নেতা সকলে সকীয়নি দি কয় যে ১৮ নৱেম্বৰ তাৰিখৰ পৰা হ'ব লগীয়া সংসদৰ শীতকালীন অধিবেশনত বিতৰ্কিত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক খন উত্থাপন কৰাৰ আগত বি জে পিৰ নেতৃত্বাধীন এন‌ ডি এ চৰকাৰ খনে এবাৰ ভাৱক ।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে তেওঁলোকে কেব কোনো কাৰণতে কোনো পৰিস্থিতিতে মানি নলয় । আছুৰ সম্পাদক লুৰীনজ্যোতি গগৈয়ে কয় যে কেবৰ জৰিয়তে একমাত্ৰ অবৈধ বাংলাদেশীক ৰক্ষা বেক্ষন দিয়াৰ চেষ্টা কৰা হৈছে। এয়াই একমাত্ৰ কাৰণ যে জাতীয় সংগঠন সমূহে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু এই প্ৰতিবাদ জাৰি থাকিব বুলি কয় লুৰীন জ্যোতি গগৈয়ে।‌

নেছ'ৰ পৰামৰ্শদাতা সমুজ্জল কুমাৰ ভট্টাচাৰ্য , সংগঠনৰ সাধৰণ সম্পাদক সিনম প্ৰকাশ আৰু অধ্যক্ষ সেমুৱেল জিৰৱায়ে এক সংযুক্ত বিবৃতিত কয় যে , কেব অসাংবিধানিক হয় । ইয়ে জাতীয় লোকৰ ভাষা , সংস্কৃতিৰ ক্ষেত্ৰত ভাবুকি প্ৰদান কৰিব । যদি চৰকাৰে বলপূৰ্বক ভাৱে চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক খন গৃহীত কৰে তেন্তে ভাৰতীয় মূল ধাৰাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ লোক সকল মনস্তাত্বিক ভাৱে পৃথ হৈ পৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Congress Party stage protest in Tinsukia wearing garland of Potatoes and Onions

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com