Begin typing your search above and press return to search.

ন্যায়ালয়ৰ নিৰ্দেশ : নীতি - নিৰ্দেশনা মানি ব্যৱহাৰ কৰিব লাগিব খেল পথাৰ

ন্যায়ালয়ৰ নিৰ্দেশ : নীতি - নিৰ্দেশনা মানি ব্যৱহাৰ কৰিব লাগিব খেল পথাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Nov 2019 7:46 AM GMT

ন্যায়ালয়ৰ নিৰ্দেশ : নীতি - নিৰ্দেশনা মানি ব্যৱহাৰ কৰিব লাগিব খেল পথাৰ।খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়া এক ৰায় অনুসৰি নীতি নিৰ্দেশনা জাৰি কৰিছে ।ৰায় অনুসৰি খেলপথাৰত বিবাহ অনুষ্ঠান ,অন্য সামাজিক অথবা পৰিয়ালৰ দ্বাৰা আয়োজিত অনুষ্ঠান নিষিদ্ধ কৰিছে।ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি খেলৰ বাবে ৰখা নিৰ্দিষ্ট স্থানৰ বাহিৰতহে হেলিপেডৰ ব্যৱস্থা কৰিব লাগিব।

এক জনস্বাৰ্থ জড়িত গোচৰৰ ৰায় অনুসৰি এই নিৰ্দেশনা দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্ব আৰু ন্যায়াধীশ অচিন্ত মল্ল বুজৰ বৰুৱা বিচাৰপীঠে। ন্যায়ালয়ত পি আই এল তৰিছিল অনিৰ্বাণ ৰয় নামৰ লোকজন।উল্লেখ্য যে পূৰ্বতে কাৰাগ।ৰ থকা এইখিনি স্থান ১৯৭৭ চনত কৃষি বিশ্ববিদ্যালয়ক অ।বন্টন দিয়া হৈছিল যত আছিল ৫৪ বিঘা মাটি। খেল ধেমালিৰ চৰ্চাৰ বাবে চৰকাৰে এই স্থান অসম কৃষি বিশ্ববিদ্যায়লৈ হস্তান্তৰ কৰিছিল। বৰ্তমান সময়ত খেলপথাৰখনৰ মুঠ মাটিক।লি ৪৬.৬০ বিঘা ।

খেলপথাৰখনত ২০১১ চনতে মুকলি কৰা হৈছিল এক উন্নত মানদণ্ডৰ দ্বৈত ক্ৰিকেট পিটচ।আনহাতে ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ অনুসৰি ৰাইজৰ দাবী আৰু স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কাচিৎহে ৰাষ্ট্ৰ স্বাৰ্থজড়িত কোনো অনুষ্ঠান আয়োজন কৰিবলৈ দিয়া হব।খেলপথাৰ খন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে জাৰি কৰা প্ৰথম নিয়ম অনুসৰি কোনো লোক বা কোনো কৰ্তৃপক্ষই খেলপথাৰত কোনো অনুষ্ঠান আয়োজন কৰিব বিচাৰিলে আবেদন কৰিব বিচাৰিলে তাৰ লগতে খেলপথাৰখন ব্যৱহাৰ কৰাৰ কাৰনো স্পষ্ট কৈ উল্লেখ কৰিব লাগিব।আবেদন গ্ৰহণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা থাকিব বিশ্ববিদ্যালয়খনৰ অধ্যক্ষৰ।

আনহাতে কোনো পক্ষৰ প্ৰস্তাৱত যদিহে খেলপথাৰ খনৰ ক্ষতি হব পৰা সম্ভাৱনা থাকে তেন্তে অধ্যক্ষই তাক নাকচ কৰাৰ সম্পূৰ্ণ অধিকাৰ থাকিব। দ্বিতীয় নিযম অনুসৰি খেলপথাৰখন কোনোৱে ব্যৱহাৰ কৰাৰ পিছত পৰিষ্কাৰ পৰিচ্ছন্ন নকৰিলে অথবা পূৰ্বৰ অৱস্থালৈ নানিলে অধ্যক্ষই সাৱধানতাৰ বাবে নিৰাপত্তাজনিত ধন ব্যৱহাৰ কৰিব পাৰে।১১ নৱেম্বৰত জাৰি কৰা ন্যায়ালয়ৰ নিৰ্দেশত উল্লেখ থকা অনুসৰি তিনি মাহৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড বাহাল ৰখাকৈ খেলপথাৰখনত ক্ষিপ্ৰতাৰে কাম কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : অসম মোৰ দ্বিতীয় গৃহ ৰাজ্য, নিষ্ঠাৰেই দায়িত্ব পালন কৰিছিলো : হাজেলা

ভিডিঅ প্ৰতক্ষ্য কৰক: Congress Party stage protest in Tinsukia wearing garland of Potatoes and Onions

Next Story
চাকৰি