Begin typing your search above and press return to search.

অসম মোৰ দ্বিতীয় গৃহ ৰাজ্য, নিষ্ঠাৰেই দায়িত্ব পালন কৰিছিলো : হাজেলা

অসম মোৰ দ্বিতীয় গৃহ ৰাজ্য, নিষ্ঠাৰেই দায়িত্ব পালন কৰিছিলো : হাজেলা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Nov 2019 5:51 AM GMT

অসম মোৰ দ্বিতীয় গৃহ ৰাজ্য, নিষ্ঠাৰেই দায়িত্ব পালন কৰিছিলো : হাজেলা ।চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছত কেন্দ্ৰৰ নিৰ্দেশ মৰ্মে প্ৰাক্তন ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাই অৱশেষত অসম ত্যাগ কৰিলে । মঙ্গলবাৰে ৰাজ্যিক সমন্বয় গৰাকীয়ে নিজৰ গৃহভূমি মধ্য প্ৰদেশলৈ ৰাওনা হয়। ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাক তিনি বছৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ডেচুটেচনত মধ্য প্ৰদেশলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰে । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয় কাৰ্যালয়ৰ কৰ্মচাৰী সকল আৰু শুভকাংশী সকলে তেওঁক বিদায় সম্ভাষন জনাবলৈ বৰঝাৰ অৱস্থিত গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত থাকে।

যোৱাৰ আগতে হাজেলাই দ্যা চেন্টিনেলৰ আগত কয় যে " মোৰ জীয়ৰী আৰু মই অসমৰ জনসাধাৰণৰ পৰা বহু কথাই শিকিব পাৰিছো । অসমক মোৰ দ্বিতীয় খন গৃহ ৰাজ্য বুলি ভাৱো । " অসমত থকা সময়ছোৱাত পৰিয়ালৰ সদস্য সকলৰ লগত অসমীয়াত কথা পাতে বুলি কোৱাৰ লগতে তেওঁৰ জীয়ৰীয়ে তেওঁতকৈ বেছি অসমীয়া ভাষাত পাৰ্গত বুলি কয় ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাই ।

হাজেলাই কয় যে তেওঁৰ গৃহৰাজ্য মধ্য প্ৰদেশ। ১৯৯৬ চনত হাজেলাই অসমত আই এ এছ অধিকাৰী হিচাপে নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল।

প্ৰতীক হাজেলাই অসমৰ ৰাজ্যিক সমন্বয় হিচাপে ২০১৩ চনৰ ৬ চেপ্তেম্বৰ তাৰিখে যোগদান কৰিছিল। উচ্চতম ন্যায়ালয়ে ২০১৯ চনৰ ১৮ অক্টোবৰ তাৰিখে ৰাজ্যিক সমন্বয় গৰাকীৰ বদলিৰ নিৰ্দিশ দিছিল। হাজেলাৰ ব্যক্তিগত সুৰক্ষা জনিত কাৰণতে এই নিৰ্দেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে ।

জ্যেষ্ঠ আই এ‌ এছ বিষয়া গৰাকীয়ে কয় যে তেওঁক যি দায়িত্ব দিয়া হৈছিল সেয়া তেওঁ নিষ্ঠা সহকাৰে পালন কৰাৰ যত্ন কৰিছিল আৰু যি সকল লোকে তেওঁক ভুল বুজিছে তেওঁলোকে এদিন সত্য উপলব্ধি কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক : আহক আমি আধ্যাত্মিকতা আৰু নৈতিক মূল্যৰ আধাৰত এখন সমাজ গঢ়ো:সোণোৱাল

ভিডিঅ প্ৰতক্ষ্য কৰক:Majuli all set to witness Raas Mahotsav 2019 from day after tomorrow

Next Story
চাকৰি