Begin typing your search above and press return to search.

আহক আমি আধ্যাত্মিকতা আৰু নৈতিক মূল্যৰ আধাৰত এখন সমাজ গঢ়ো:সোণোৱাল

আহক আমি আধ্যাত্মিকতা আৰু নৈতিক মূল্যৰ আধাৰত এখন সমাজ গঢ়ো:সোণোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Nov 2019 6:04 AM GMT

আহক আমি আধ্যাত্মিকতা আৰু নৈতিক মূল্যৰ আধাৰত এখন সমাজ গঢ়ো:সোণোৱাল। সোমবাৰে গড়মুৰ মিনি ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানৰ‌ জৰিয়তে মাজুলী ৰাস মহোৎসৱৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, মাজুলী হ'ল আধ্যাত্মিকতাৰ স্থান আৰু যি সকল‌ ধৰ্মপ্ৰাণ ৰাইজে ৰাস মহোৎসৱৰ সময়ত নদীদ্বীপ মাজুলী ভ্ৰমণ কৰে তেওঁলোকে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধ্যাত্মিকতা আৰু নৈতিক মূল্যৰ ওপৰত আধাৰিত সমাজ নিৰ্মাণৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে আৰু ৰাজ্যৰ সকলো লোককে ভগৱান শ্ৰীকৃষ্ণৰ আদৰ্শ পালন কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে এই বছৰৰ ৰাস মহোৎসৱ‌ ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে ছপা , বৈদ্যুতিক, ছ'চিয়েল মিডিয়া ইত্যাদি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মাজুলী ৰাস মহোৎসৱৰ ব্যাপক প্ৰচাৰ চলাইছে । তাৰোপৰি এই বৰ্ষৰ ৰাস মহোৎসৱত অসম পৰ্যটন উন্নয়ন নিগমে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামৰ ইত্যাদিৰ জৰিয়তে দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

তদুপৰি কিছুদিন পূৰ্বে অৰ্থাৎ ৩০ অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিছপুৰৰ পৰা ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা মাজুলী জিলা প্ৰশাসনে প্ৰস্তুত কৰা www.majulirass.in ৱেবছাইটত এটাও মুকলি কৰিছে । এই ৱেবছাইটটোত ৰাস মহোৎসৱৰ সকলো প্ৰকাৰৰ লাগতিয়াল দিশ সমূহৰ বিষয়ে উল্লেখ আছে। লগতে মাজুলীৰ অন্যতম সত্ৰীয়া সংস্কৃত‌ পৰ্যটক সকলৰ আগত দাঙি ধৰাৰ চেষ্টাও কৰিছে এই ৱেবছাইটৰ জৰিয়তে। সমগ্ৰ নদীদ্বীপটোৰ প্ৰায় ৫৮ খন স্থানত ৰাস প্ৰদৰ্শন কৰা হ'ব ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য্য, পাৰিপাৰ্শ্বিকতা , সংস্কৃতি আৰু ইতিহাস সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মাজুলী বাসীক ইয়াৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। মহান ব্যক্তিসকলে আধ্যাত্মিকতাৰ মাধ্যমৰে সমাজত জ্ঞান বিস্তাৰ কৰিছে আৰু যুৱ প্ৰজন্মই সেই সমূহ পালন কৰিব লাগে বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ সংস্কৃতিক কৃষ্ণ সংস্কৃতি বুলি অভিহিত কৰাৰ কথা উল্লেখ কৰি বৃহত্তৰ অসমৰ সংস্কৃতিক পৰিচয় ভগৱান শ্ৰী কৃষ্ণ‌ বুলি কয়। যদি আমি ভগৱানৰ বানী সমূহ হৃদয়ংগম কৰিব পাৰো তেন্তে আমি পৃথিৱী খনকো সংৰক্ষন কৰিব পাৰিম বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মাজুলী ৰাস মহোৎসৱৰ উদ্বোধনৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী ৫৮ টা স্হানত হ'ব লগীয়া ৰাস মহোৎসৱৰ বাবে প্ৰস্তুত কৰা মানচিত্ৰ উন্মোচন কৰে । লগতে উদ্বোধনী অনুষ্ঠানত ৫৮ টা স্থানৰ ৰাস মহোৎসৱ আয়োজক সমিতিৰ প্ৰতিনিধি সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

ৰাস মহোৎসৱৰ বাবে ১০০ টা অস্থায়ী আৱাস গৃহ মুকলি কৰা হৈছে । সোমবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত গড়মুৰ সৰু সত্ৰই মহাৰাসলীলা সামৰি এক বৰ্নিল নৃত্যানুষ্ঠানৰ আয়োজন কৰে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সবাতোকৈ পুৰণি অৰ্থাৎ ১৭৯ বছৰীয়া দক্ষিনপাত সত্ৰৰ‌ ৰাস মহোৎসৱ উদ্বোধন কৰে ‌।

এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী নৱ কুমাৰ দলে , সাংসদ প্ৰদান বৰুৱা , বিধায়ক বিমল বৰা , মাজুলী জিলা উপায়ুক্ত বিক্ৰম কৈৰিৰ লগতে আন বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে ।‌

অন্য খবৰৰ বাবে পঢ়ক : ভয়ৰ বাবেই মহিলা হৈ জীৱন কটাবলৈ বাধ্য হ’ল পুৰুষ

ভিডিঅ প্ৰতক্ষ্য কৰক:Majuli all set to witness Raas Mahotsav 2019 from day after tomorrow

Next Story
চাকৰি