শীৰ্ষ বাতৰি

ক’ৱিড-১৯ মহামাৰীঃ গুৱাহাটীত দোকান খোলা ৰখাৰ সময় বান্ধি দিলে প্ৰশাসনে

Sentinel Digital Desk

ক’ৱিড-১৯ মহামাৰীঃ গুৱাহাটীত দোকান খোলা ৰখাৰ সময় বান্ধি দিলে প্ৰশাসনে

ক’ৱিড-১৯ মহামাৰীৰ প্ৰতিৰোধৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২১-দিনীয়া দেশজোৰা তলাবন্ধৰ সময়ছোৱাত খাদ্য-সামগ্ৰী দোকান খোলা ৰাখিব পৰাৰ সময় বান্ধি দিছে কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে। জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ বিশ্বজিত পেগুৱে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে কামৰূপ(মহানগৰ)জিলাত খাদ্য-বস্তুৰ পাইকাৰী দোকানসমূহ পুৱা আঠ বজাৰ পৰা বিয়লি চাৰি বজালৈ খোলা ৰাখিব পাৰিব।

আনহাতে, সুলভ মূল্যৰ সামগ্ৰীৰ দোকানকে ধৰি খুচুৰা বিক্ৰেতাসকলে পুৱা ন-বজাৰ পৰা সন্ধিয়া ছয়বজালৈ দোকান খোলা ৰাখিব পাৰিব। এই নিৰ্দেশ আজি ২৬ মাৰ্চৰ পৰা সমগ্ৰ জিলাখনত বলবত হৈছে। ইপিনে, দোকানলৈ অহা লোকসকলে যাতে শাৰীৰিক দূৰত্ব বজাই ৰাখে, সেয়া সংশ্লিষ্ট দোকানীক নিশ্চিত কৰিবলৈ উপায়ুক্তই নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে বুধবাৰে ৰাজ্যৰ মুখ্য সচিবে ৰাজ্যত পৰিমাণত খাদ্য-বস্তু মজুত থকা বুলি সদৰী কৰে। এখন সংবাদমেলত তেওঁ কয়, "আমাৰ ওচৰত তিনি মাহৰ বাবে ৩,০৯,০০০ মেট্ৰিক টন চাউল মজুত আছে। ইয়াৰ উপৰি ১০,০০০ মেট্ৰিক টন এন এ এফ ই ডিৰ পৰা সৰবৰাহ কৰাৰ যো-জা চলোৱা হৈছে । লগতে আমাৰ ওচৰত ৫,০০০ মেট্ৰিক টন চেনিও আছে । ইতিমধ্যে বুধবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ১২ খন ৰেল তিনিচুকীয়া আহি পাইছে। "