ক’ৰ’না মহামাৰীঃ গাখীৰ যোগান নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰাখিব পূৰবী ডায়েৰীয়ে

ক’ৰ’না মহামাৰীঃ গাখীৰ যোগান নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰাখিব পূৰবী ডায়েৰীয়ে

ক’ৰ’না মহামাৰীঃ গাখীৰ যোগান নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰাখিব পূৰবী ডায়েৰীয়ে

ক’ৰ’না মহামাৰীৰ প্ৰকোপৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২১-দিনীয়া দেশজোৰা তলাবন্ধৰ সময়ছোৱাত পূৰবী ডায়েৰীয়ে গ্ৰাহকক গাখীৰৰ যোগান অব্যাহত ৰাখিব পূৰবী ডায়েৰীয়ে। বুধবাৰে এক বিবৃবিত এই কথা সদৰী কৰি পশ্চিম অসম গাখীৰ উত্পাদক সমবায় সংঘ লিমিটেড(পূৰবী ডায়েৰী)-এ কয়, “আমি গুৱাহাটী আৰু যিবোৰ স্থানত আমাৰ অৱস্থান আছে সেইসমূহত গাখীৰৰ যোগান নিৰৱচ্ছিন্ন কৰি ৰখাৰ উদ্দেশ্য যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছো।

আমি প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাক আদৰণি জনাইছো। প্ৰধানমন্ত্ৰী অত্যাৱশ্যকীয় সেৱাৰ যোগান অব্যাহত ৰখাৰ অনুমতি দিছে। সেই অনুসৰি আমি গাখীৰৰ যোগান নিৰৱচ্ছিন্ন ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছো”। এই ক্ষেত্ৰত লবলগীয়া সাৱধানতা আৰু সতৰ্কতা গ্ৰহণ কৰা হৈছে বুলি দাবী কৰি এই লিমিটেডে লগতে কয়, কৱিড ভাইৰাছ যাতে বিয়পিব নোৱাৰে, তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছো। সামাজিক দূৰত্ব বৰ্তাই ৰাখি আমাৰ কৰ্মচাৰীয়ে গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী বিতৰণ কৰিব। আমি পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰাকিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছো”। উল্লেখ্য যে বুধবাৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয়কৃষ্ণই গুৱাহাটীত এখন সংবাদমেলত ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা সম্পৰ্কে কয়,"আমাৰ ওচৰত তিনি মাহৰ বাবে ৩,০৯,০০০ মেট্ৰিক টন চাউল মজুত আছে। ইয়াৰ উপৰি ১০,০০০ মেট্ৰিক টন এন এ এফ ই ডিৰ পৰা সৰবৰাহ কৰাৰ যো-জা চলোৱা হৈছে । লগতে আমাৰ ওচৰত ৫,০০০ মেট্ৰিক টন চেনিও আছে । ইতিমধ্যে বুধবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ১২ খন ৰেল তিনিচুকীয়া আহি পাইছে "।

লগতে তেওঁ কয় যে এই ২১ দিনীয়া তলাবন্ধৰ সময়ত খাদ্য-সামগ্ৰীৰ দোকানসমূহ খোলা থাকিব , আৰু মাছ-মাংসৰ দোকানো খোলা থাকিব। জিলা উপায়ুক্তসকলক এই দোকানসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিছুমান বস্তুৰ অভাৱ হ'ব পাৰে কিয়নো এই সময় অতি সংকটাপন্ন বুলি উল্লেখ কৰি লগতে তেওঁ কয় যে ৰাজ্যত ৰন্ধন গেছৰ পৰ্যাপ্ত ভাণ্ডাৰ আছে। ইপিনে, অসম আৰু পশ্চিমবংগ সীমান্তত লক-ডাউনৰ বাবে আৱদ্ধ হোৱা লোকসকলক সম্পৰ্কে মুখ্য সচিবে কয় যে সেই লোক সকলক তাৰ পৰা অনাৰ নিৰ্দেশ জাৰি কৰা হৈছে। তেওঁলোকক ১৪ দিনৰ বাবে ঘৰত আছুতীয়াকৈ ৰখা হ'ব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com