ক’ৰ’না মহামাৰীঃ চীন ভ্ৰমণৰ তথ্য গোপন কৰা হাইলাকান্দিৰ যুৱকক গ্ৰেপ্তাৰ

ক’ৰ’না মহামাৰীঃ চীন ভ্ৰমণৰ তথ্য গোপন কৰা হাইলাকান্দিৰ যুৱকক গ্ৰেপ্তাৰ

ক’ৰ’না মহামাৰীঃ চীন ভ্ৰমণৰ তথ্য গোপন কৰা হাইলাকান্দিৰ যুৱকক গ্ৰেপ্তাৰ

ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীন ভ্ৰমণ কৰি এই ভ্ৰমণৰ তথ্য লুকুওৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে হাইলাকান্দিৰ এজন যুৱক। অভিযোগ অনুসৰি এজন কৰ্মচাৰীৰ পুত্ৰ এই যুৱকজনে চীন ভ্ৰমণৰ তথ্য গাপ দি ৰাখিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি তেওঁৰ পিতৃৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰি জিলাখনৰ উপায়ুক্ত কাৰ্তি জলিলে কয় যে যুৱকজনক হাইলাকান্দি সদৰ আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ পিতৃক চাকৰিৰ নিলম্বিত কৰাৰ লগতে অন্যান্য আনুসংগিক আইনী ব্যৱস্থাও গ্ৰহণ কৰা হ’ব বুলি উপায়ুক্তই সদৰী কৰিছে। উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পাছত বিদেশৰ পৰা অহা লোকৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইসকল লোকক ১৪দিনৰ বাবে ঘৰত ভিতৰত আছুতীয়াকৈ সোমাই থাকিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। একেদৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱা লোককো এনে সাৱধানতা অৱলম্বন কৰিবলৈ চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। অসমতো এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অলপতে এখন সংবাদমেলত এই কথা সদৰী কৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কেৰালা , মহাৰাষ্ট্ৰ, আৰু কৰ্ণাটকৰ পৰা অহা কোনো লোকে ১৪ দিনলৈ ঘৰৰ পৰা ওলাব নোৱাৰিব । ওলালে গ্ৰেপ্তাৰ কৰা হ’ব।ইতিমধ্যে ১০৪ নম্বৰত উপলব্ধ হৈছে ক’ৰ’না সংক্ৰান্তীয় সকলো ধৰণৰ তথ্য।

বহিঃৰাজ্যৰ পৰা অহা সকলক ৬০ৰ ঊৰ্ধৰ লোকৰ পৰা আঁতৰত থাকিবলৈও মন্ত্ৰী শৰ্মাই অনুৰোধ জনায় । উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ য়ুহানত এই মহামাৰীত তিনি সহস্ৰাধিক লোকৰ মৃত্যু হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com