শীৰ্ষ বাতৰি

বিজুতিঃ মুকলিৰ দুদিনৰ পাছতে যাত্ৰা স্থগিত ৰ'প ৱেত

Sentinel Digital Desk

মুকলিৰ মাথোঁ দুদিনৰ পাছতে যাত্ৰা বন্ধ ৰখা হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰজ্জু পথ (ৰ'প ৱে)-ত। বিদ্যুতৰ সমস্যাৰ বাবে আজি এই ৰ'প ৱেত যাত্ৰা বন্ধ হৈ পৰে। উল্লেখ্য য়ে মাথোঁ দুদিন পূৰ্বে ব্যাপক উত্সাহ-উদ্দীপনাৰ মাজত এই ৰ'প ৱে মুকলি কৰা হয়। দেশৰ ভিতৰতে সৰ্বাধিক দৈৰ্ঘ্যৰ এই ৰ'প ৱে মুকলি অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত আছিল।

এই ৰজ্জু পথত যাত্ৰা স্থগিত ৰখাৰ কথা সদৰী কৰি প্ৰকল্পটোৰ প্ৰৱন্ধক এম কে বেইগে দ্যা ছেণ্টিনেল ডিজিটেলক কয় যে নিৰ্মাণ কামত কোনো ত্ৰুটি-বিচ্যুতি নাই। বিদ্যুতৰ বাবে যাত্ৰা স্থগিত ৰাখিবলগীয়া হয়।