শীৰ্ষ বাতৰি

এ এম চিত কেম'থেৰাপিৰ সুবিধা মুকলি স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

Sentinel Digital Desk

এ এম চিত কেম'থেৰাপিৰ সুবিধা মুকলি স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

অসমতো ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ মাজতে আজি ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেম'থেৰাপিৰ সুবিধা মুকলি কৰে। মেডিকেল কলেজ হাস্পতালখনত থকা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনত স্বাস্থ্য মন্ত্ৰী শৰ্মাই এই সুবিধা মুকলি কৰে। পাছত তেওঁ এই সম্পৰ্কত টুইটাৰত কয়, " এ এম চিত অসম কেন্সাৰ কেয়াৰ হাস্পতালত কেম'থেৰাপি প্ৰদানৰ সুবিধা মুকলি কৰি সুখী হৈছো। ইয়াৰ জৰিয়তে বিকিৰণ চিকিত্সা সেৱা অহা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব"। এই কেম'থেৰাপি সুবিধাৰ জৰিয়তে বহু কৰ্কট ৰোগীয়ে সকাহ পাব বুলি আশা কৰা হৈছে। এই উপলক্ষ্যে এ এম চি পৰিদৰ্শন কৰাৰ সময়ত স্বাস্থ্য মন্ত্ৰী শৰ্মাই মেডিকেল কলেজ হাস্পতালখনৰ চিকিত্সক আৰু অন্যান্য কৰ্মচাৰীসকলৰ সৈতে ভাব-বিনিময় কৰে। তদুপৰি তেওঁ এ এম চিৰ চিকিত্সকল আৰু ডিব্ৰুগড় জিলাৰ প্ৰশাসনৰ সৈতে এক পুনৰীক্ষণ বৈঠকতো ভাগ লয়। এই বৈঠকত মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষান, পীযুষ হাজৰিকা, তেজপুৰৰ সাংসদ পল্লব লোচন দাস আদিয়েও অংশ লয়। আজি মন্ত্ৰী শৰ্মাই ভাৰতীয় মেডিকেল গৱেষণা পৰিষদ(আই চি এম আৰ)-ৰ অধীনৰ লাহোৱালস্থিত আঞ্চলিক মেডিকেল গৱেষণা কেন্দ্ৰ(উত্তৰ-পূব)-ও পৰিদৰ্শন কৰে। মন্ত্ৰী শৰ্মাই কয় যে অসম, অৰুণাচল প্ৰদেশ আৰু নগালেণ্ডত আই চি এম আৰে বৰ্তমানলৈ প্ৰায় ২৫ হেজাৰ ক'ৰ'না পৰীক্ষণ সম্পন্ন কৰিছে।