বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মংগলবাৰে নেডফি হাউচত দুখন আঁচনি খন মুকলি কৰে। আপোনৰৰ আপোন ঘৰ আৰু অভিনন্দন নামৰ আঁচনি খন উন্মোচন কৰি বিত্ত মন্ত্ৰী ড° শৰ্মাই কয় যে আপোনাৰ আপোন ঘৰ আঁচনিৰ অধীনত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰা মধ্য বিত্ত পৰিয়ালৰ লোকে গৃহ নিৰ্মাণৰ বাবে ৰেহাই মূল্যত ঋণ ল'ব পাৰিব।
বাৰ্ষিক আয় হিতাধিকাৰীৰ ২০ লাখ বা তাতকৈ তলত হ'ব লাগিব। আঁচনিখন ৪ এপ্ৰিল ২০১৯ ৰ পৰা কাৰ্যকৰী হোৱাকৈ এই আঁচনি আৰম্ভ হৈছে।ইয়াৰ বিপৰীতে ৩১ মাৰ্চ ২০২০ লৈকে চলিব আপোনাৰ আপোন ঘৰ আঁচনিৰ কাম কাজ। এই সন্দৰ্ভত এটা ৱেব ছাইট মুকলি কৰা হৈছে। বেংকত ইতিমধ্যে চৰকাৰৰ পৰা ধন সমূহ জমা দি থৈছে ৷ ইচ্ছুকসকলে ৱেবছাইট যোগে ঋণৰ বাবে আবেদন কৰিব লাগিব। আনহাতে হিতাধিকাৰীসকল বিত্ত বিভাগৰ ৱেবছাইটত গ'লেই ঋণৰ সুবিধা লাভ কৰিব।
উল্লেখ্য যে যিসকলে ঋণ ল’ব তেওঁলোক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, পৰিয়ালৰ বাৰ্ষিক আয় হ’ব লাগিব ২০,০০,০০০ লাখ টকা। চৰকাৰী বে চৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত সকলো কৰ্মচাৰীয়েই এই ঋণ লওঁতে ৰেহাই লাভ কৰিব। ৫ লাখৰ পৰা ১০ লাখ ঋণ ল’লে ১ লাখ ৰেহাই পাব। ১০ ৰ পৰা ২০ লাখলৈকে লৈকে ডেৰ লাখ টকা ৰেহাই, ২০-৩০ লাখত ২ লাখ টকা ৰেহাই পাব। ৩০-৪০ লাখলৈকে ২.৫০ লাখ টকা ৰেহাই পাব। ৪০ লাখৰ ওপৰত ল'লেও পাব ২.৫০ লাখ টকাহে ৰেহাই পাব।
আনহাতে ছাত্ৰ ছাত্ৰীৰ ঋণৰ আঁচনিখনৰ নাম অভিনন্দন। ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ সুবিধাৰ্থে আৰম্ভ কৰা হৈছে এই আঁচনি ৷ অসমত আগতে লোৱা শিক্ষা লোণসমূহৰ হিতাধিকাৰীক ৫০ হাজাৰকৈ টকাকৈ দিব চৰকাৰে।লগতে যিসকল ছাত্ৰ ছাত্ৰী অসমৰ স্থায়ী নিবাসী তেওঁলোকে এই সুবিধা লাভ কৰিব ৷অভিনন্দন আঁচনিৰ আঁচনিৰ নূন্যুতম ঋণৰ পৰিমাণ হ’ব ১ লাখ টকা ৷ ঋণৰ কাৰণে ইচ্ছুক সকলে https://finance.assam.gov.in ত ক্লিক কৰি যাৱতীয় তথ্য দি অনলাইন আবেদন পত্ৰ দিব লাগিব ৷
অধিক খবৰৰ বাবে পঢ়ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
ভিডিঅ প্ৰতক্ষ্য কৰক:Public protest against Prateek Hajela in Dhekiajuli | The Sentinel News | Assam News