ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়ে যে বিজেপি যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক গ্ৰহণ কৰা নাই ।মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আগতেই হ’ব ৷সোমবাৰে কৰিমগঞ্জৰ এখন সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী ড° শৰ্মাই কয় যে স্বদেশী লোকসকলৰ নাম নথকাকৈ এনআৰচি কেনেকৈ হ’ব পাৰে ৷নাগৰিক্ত সংশোধনী বিধেয়ক এনআৰচিৰ আগতেই আহিব লাগিছিল।

ইয়াৰ কাৰণে নবেম্বৰলৈকে প্ৰতীক্ষা কৰা যাওক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ পূবৰ লোকক বিশ্বাস দিয়াৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়ক বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰিছে ৷যদি সংবিধানৰ ষষ্ঠ অনুসূচী,ইনাৰ লাইন পাৰমিট আৰু ৩৭১ নং অনুচ্চেদক প্ৰভাৱিত নকৰাকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হয় তেন্তে উত্তৰ পূবত কোনো আপত্তি নাই ।

ড° শৰ্মাই লগতে কয় যে ৩০-৩৫ বছৰীয়া পুৰণি কাগজক কোনো লগত ৰাখে ৷বাংলাদেশৰ পৰা আহোতে কোনো লগত কাগজ পত্ৰ আনিছিল ৷যিসকলে ভাৰত বৰ্ষক মাতৃ বুলি ভাবে তেওঁলোকক কাগজ পত্ৰৰ আৱশ্যক নাই ৷ গতিকে নবেম্বৰলৈকে অপেক্ষা কৰক।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

এনআৰচি প্ৰকাশৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমত এক বৃহৎ সংখ্যক স্বদেশী লোকে ভাৰতীয় বুলি নিজক প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ মজিয়া গৰকিব লগা হৈছে ৷ এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ অযোগ্য বুলি ঘোষণা কৰা লোকসকলৰ ভিতৰত ১৯ লাখৰ ভিতৰত অধিক লোকেই জনগোষ্ঠীয় লোক ৷ ইফালে বিদেশী ন্যায়াধীকৰণ বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে স্থাপন কৰা হৈছে। এনআৰচি প্ৰকাশৰ পিছত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিগত কিছুদিনৰ পৰা দেখা গৈছে যে সংখ্যা লঘূ লোকসকলৰ অঞ্চলত লোকসকল জাগৰণ অনাৰ চেষ্টা কৰি আছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Locals at Kathiatoli gheraoed Cooperative Society President Residence

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com