Begin typing your search above and press return to search.

এনআৰচিৰ ১০০ শতাংশ পুনৰ সত্যাপনৰ সন্দৰ্ভত অসম পাব্লিক ৱকাৰ্ছৰ প্ৰতিক্ৰিয়া

এনআৰচিৰ ১০০ শতাংশ পুনৰ সত্যাপনৰ সন্দৰ্ভত অসম পাব্লিক ৱকাৰ্ছৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2019 6:59 AM GMT

অসম পাব্লিক ৱৰ্কাছে ১০০ শতাংশ এনআৰচিৰ পুনৰ সত্যাপনৰ কাৰণে উচ্চতম ন্যায়ালয়ক দাবী কৰিছে ৷ এনআৰচিৰ অন্তৰ্ভূক্তি নোহোৱা স্বদেশী লোকসকলৰ এখন দীঘলীয়া তালিকাৰ দি অসম পাব্লিক ৱৰ্কাছে প্ৰশ্ন কৰে যে ইমান সংখ্যক স্বদেশী লোকৰ নাম নাগৰিক পঞ্জীৰ পৰা কেনেকৈ বাদ পৰিব পাৰে ?

স্বদেশী লোকসকল বিদেশীসকলৰ লগত একেটা শাৰীত ৰৈ বিদেশী ন্যায়াধীকৰণত একেলগে ৰৈ থকাটো এটি দুৰ্ভাগ্য পূৰ্ণ কথা ৷ দ্য চেন্টিনেলৰ লগত হোৱা কথা বাৰ্তাত অসম প্লাবিক ৱৰ্কাছৰ অধ্যক্ষ অভিজিৎ শৰ্মাই কয় যে মই চূড়ান্ত এনআৰচিত অন্তৰ্ভূক্ত হোৱা বিদেশীসকলৰ নামৰ এখন সূচী,ভূৱা তথ্য দি নাম অন্তভূক্তি কৰিব বিছৰা লোকসকলৰ নাম সহিতে ডি ভোটাৰসকলৰ এখন তালিকা দিছো ৷

চলিত বৰ্ষৰ ৩১ আগষ্টত এনআৰচি প্ৰকাশৰ পিছত বহুত বিসংগতি পোহৰলৈ আহিছে ৷ ইফালে,এনআৰচিৰ সন্দৰ্ভত সমন্বয়ক প্ৰতীক হাজেলাৰ সম্পৰ্কেও মন্তব্য কৰে এপিডব্লিউয়ে ৷ আনহাতে ১৬০০ কোটি টকাৰ এনআৰচিৰ প্ৰক্ৰিয়াত বহু বিসংগতি আছে ৷ গতিকে এই ক্ষেত্ৰত ন্যায়িক তদন্তৰ আৱশ্যক।এই মন্তব্য অসম পাব্লিক ৱকাৰ্ছৰ ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

এনআৰচি প্ৰকাশৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমত এক বৃহৎ সংখ্যক স্বদেশী লোকে ভাৰতীয় বুলি নিজক প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ মজিয়া গৰকিব লগা হৈছে ৷ এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ অযোগ্য বুলি ঘোষণা কৰা লোকসকলৰ ভিতৰত ১৯ লাখৰ ভিতৰত অধিক লোকেই জনগোষ্ঠীয় লোক ৷ ইফালে বিদেশী ন্যায়াধীকৰণ বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে স্থাপন কৰা হৈছে। এনআৰচি প্ৰকাশৰ পিছত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিগত কিছুদিনৰ পৰা দেখা গৈছে যে সংখ্যা লঘূ লোকসকলৰ অঞ্চলত লোকসকল জাগৰণ অনাৰ চেষ্টা কৰি আছে ।

অন্য খবৰৰ বাবে পঢ়ক: এনআৰচি: ২২১ বিদেশী ন্যায়াধীকৰণত সদস্য নিযুক্তি

ভিডিঅ প্ৰতক্ষ্য কৰক:Zubeen Garg appeals crowd in Jorhat to watch 'Ratnakar'

Next Story
চাকৰি