এনআৰচি: ২২১ বিদেশী ন্যায়াধীকৰণত সদস্য নিযুক্তি

এনআৰচি: ২২১ বিদেশী ন্যায়াধীকৰণত সদস্য নিযুক্তি

এনআৰচিৰ অন্তিম সূচী প্ৰকাশ পালে ৩১ আগষ্টত। ইয়াৰ পৰা বাদ পৰিল প্ৰায় ১৯ লাখৰো অধিক লোক ।ৰাজ্য চৰকাৰে প্ৰথমতে ২০০ ৰো অধিক অতিৰিক্ত বিদেশী ন্যায়াধীকৰণত সদস্যৰ নিযুক্ত দিছে ৷ লগতে ২১ টা খালী হৈ থকা ১০০ টা বিদেশী ন্যায়াধীকৰণ পদত নিযুক্তি দিছে ৷গৃহ আৰু ৰাজনৈতিক বিভাগে নতুনকৈ স্থাপিত ২০০ টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ আৰু নিযুক্ত সম্পন্ন কৰা সদস্যসকলৰ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে ৷

গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সচিব আশুতোষ অগ্নিহোত্ৰীয়ে দ্য চেন্টিনেলৰ লগত মত বিনিময় কৰি কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰক্ৰিয়া অনুসৰি চৰকাৰে বিদেশী ন্যায়াধীকৰণত ২২১ জন সদস্যক নিযুক্তি দিছে ৷ইয়াৰে ২০০ জনক অতিৰিক্ত বিদেশী ন্যায়াধীকৰণত আৰু ২১জন সদস্যক খালী হৈ থকা বিদেশী ন্যায়াধীকৰণৰ নিযুক্ত দিয়া হৈছে ৷অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ ২২১ নৱ নিযুক্ত সদস্য প্ৰথমৰ পৰাই এই প্ৰক্ৰিয়াটোৰ লগত জৰিত আছে ।যাতে তেওঁলোকে অতিৰিক্ত বিদেশী ন্যায়াধীকৰনৰ লগত পৰিচিত হয়।

ইফালে ২৮ ছেপ্তেম্বৰত খানাপাৰাত প্ৰশাসনিক মহাবিদ্যালয়ত দুদিনীয়াকৈ এক অনুষ্ঠান আয়োজিত হ’ব ৷এই অনুষ্ঠানত উপস্থিত থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু গলহ আৰু ৰাজনৈতিক বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। আয়ুক্ত আৰু সচিব গৰাকীয়ে লগতে কয় যে ইয়াৰ লগতে অতিৰিক্ত বিদেশী ন্যায়াধীকৰণত ২০০০ জন কৰ্মচাৰীৰ নিযুক্তি অতি শীঘ্ৰেই কৰা হ’ব ।

এপিআৰবি য়ে সাক্ষাৎকাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে । আৰু ইয়াৰ পৰিণাম অনতি পলমে ঘোষণা কৰা হ’ব। চলিত বৰ্ষৰ অক্টোবৰত চৰকাৰে নতুন ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ আঁচনি তৈয়াৰ কৰা হৈছে ৷ এই সকলোবোৰ এবাৰ সক্ৰিয় হ’লেই ইয়াৰ সংখ্যা হ’বগৈ ৩০০ ৷আনহাতে এনআৰচি প্ৰকাশৰ পিছত বিদেশী ন্যায়াধীকৰণৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ। লগতে এনআৰচি সম্পৰ্কীয় অস্বীকৃতি যিকোনো আদেশ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণত আপীল কৰিব পাৰে।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Bike Borne Robbers loot Man at Digboi-Duliajan Road, Takes away Cash

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com