শীৰ্ষ বাতৰি

পঞ্চম মৃত্যুদিৱসত 'জনতাৰ ৰাষ্ট্ৰপতি'ক সোঁৱৰণ অগননৰ

Sentinel Digital Desk

পঞ্চম মৃত্যু দিৱসত আজি দেশবাসীয়ে সোঁৱৰণ কৰে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামক। জনতাৰ ৰাষ্ট্ৰপতিৰূপে খ্যাত ডঃ কালামৰ মৃত্যু হয় পাঁচ বছৰ পূৰ্বে আজিৰ দিনটোতে আই আই এম স্বিলঙৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত। তেওঁৰ স্মৃতি আজিও দেশবাসীৰ মনত সজীৱ হৈ আছে। ডঃ কালামে ২০০২ৰ পৰা ২০০৭লৈ ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ আছিল দেশৰ একাদশ ৰাষ্ট্ৰপতি।

পঞ্চম মৃত্যুদিৱসত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শ্ৰদ্ধাঞ্জলী জনাইছে। ১৯৯৮ৰ ভাৰতৰ পাৰমাণৱিক বোমা পৰীক্ষণৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰা ডঃ কালামে আজি সকলো শ্ৰেণীৰ লোককে নিজৰ কৰ্ম আৰু জীৱনেৰে উদ্বুদ্ধ কৰি আহিছে। উল্লেখ্য যে মিছাইল ম্যান বা ক্ষেপনাস্ত্ৰ মানুহৰূপেও জনাজাত ডঃ কালামৰ জন্ম হৈছিল ১৯৩১ৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত।