শীৰ্ষ বাতৰি

উত্তৰ-পূবৰ প্ৰথমঃ গুৱাহাটীত ক'ৰ'নাৰ প্ৰথমখন স্বতন্ত্ৰ চিকিৎসালয় মুকলি

এই স্বতন্ত্ৰ ক'ৰ'না চিকিৎসালয়ত ১৮০খন বিছনা আৰু ৬০খন আইচিইউ বেড আছে। লেব আৰু জটিল অষ্টোপ্ৰচাৰ কৰিব পৰা বিশেষ কক্ষও আছে।

Sentinel Digital Desk

উত্তৰ-পূবৰ প্ৰথমঃ গুৱাহাটীত ক'ৰ'নাৰ প্ৰথমখন স্বতন্ত্ৰ চিকিৎসালয় মুকলি

ৰাজ্যত ক'ৰনা ভাইৰাছ আক্রান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱা সময়তে আহিছে এক সু-খবৰ।আজি গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন ক'ৰনাৰ স্বতন্ত্ৰ চিকিৎসালয় মুকলি কৰা হয় ৷ উন্নত মানৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই বিশেষ ক'ৰনাৰ চিকিৎসালয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন অট্টালিকাত অৱস্থিত ।নৱ-নিৰ্মিত ক'ৰনা চিকিৎসালয় খনত সংলগ্ন কৰা হৈছে আ'ল্টা ভায়লেট যুক্ত ৰে'।লক-ডাউনৰ সময়তে কানাডা পৰা আনি বিশেষ প্ৰযুক্তি চিকিৎসালয়খনত স্থাপন কৰা হৈছে।যাৰ জৰিয়তে ক'ৰনাৰ ভাইৰাছ সংক্ৰমণ ৰোধ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।আজি চিকিৎসালয়খন উদ্বোধন কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই লগতে কয় লক্ষণ ফুটি উঠা ক'ৰনা আক্রান্ত ৰোগী সকলক ইয়াত চিকিৎসা কৰা হব। তেওঁ আজিৰ দিনটোক ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বাবে গুৰুত্বপূৰ্ণ দিন আখ্যা দিয়ে।

উল্লেখ্য যে উত্তৰ-পূবৰ ভিতৰতে প্ৰথম এই স্বতন্ত্ৰ ক'ৰ'না চিকিৎসালয়ত ১৮০খন বিছনা আৰু ৬০খন আইচিইউ বেড আছে।লগতে লেব আৰু জটিল অষ্টোপ্ৰচাৰ কৰিব পৰা বিশেষ কক্ষও আছে। স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে এই চিকিৎসালয়ত নতুন দিল্লীৰ এইমছত ব্যৱহৃত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।

চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় বাবে প্ৰায় ১.৫০কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল বিশেষ বিল্ডিঙটো।ক'ৰনা যেতিয়ালৈকে থাকিব তেতিয়া লৈ এই চিকিৎসালয় চলি থাকিব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।

চিকিৎসালয়খনৰ মুকলি অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাও উপস্থিত থাকে।

উল্লেখ যে ৰাজ্যত শেহতীয়াভাৱে দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা।