শীৰ্ষ বাতৰি

গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলৰ চিকিৎসা সেৱা বিনামূলীয়া নে?

Sentinel Digital Desk

গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলে সকলোতকৈ উন্নত মানদণ্ডৰ চিকিৎসক থকা চিকিৎসালয় বুলি দাবী কৰিছে ৷ অসম চৰকাৰেও চিকিৎসালয় খনত সকলোতকৈ সীমিত ব্যয়েৰে চিকিৎসা প্ৰদান কৰাৰ কাৰণে এক বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিছে ৷ ৰাজ্যৰ বিভিন্ন লোকসকলে এই চিকিৎসালয়খনলৈ বিভিন্ন ৰোগীসকলক লৈ ইয়ালৈ আহে ৷কাৰণ ৰাজ্যবাসীৰ আশা যাতে তেওঁলোকৰ ৰোগীসকলে অনতি পলমে সুস্থ হ’ব পাৰে। কিন্তু লাখ টকীয়া প্ৰশ্ন এইয়ে যে গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলে এই ক্ষেত্ৰত জনসাধাৰণৰ আশাক বাস্তৱত ৰূপ দিব পাৰিছেনে ?

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষত বিনামূলীয়া চিকিৎসা সেৱাৰ কথা ঘোষণা কৰে ৷ আৰু মন্তব্য কৰে যে একেবাৰে দুখীয়া লোকসকলে চৰকাৰী চিকিৎসালয়ত উন্নত মানদণ্ডৰ চিকিৎসা সেৱা লাভ কৰিব ৷কিন্তু জিএমচিএইচত অহা ৰোগী অথবা তেওঁলোকৰ পৰিয়াল বৰ্গই বিনামূলীয়া চিকিৎসা সেৱাৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷কাৰণ জিএমচিএইচত নিজৰ ৰোগৰ চিকিৎসা কৰাবলৈ অহা ৰোগীসকলে চিৰিঞ্জ,ইনজেকশ্যন আৰু বেণ্ডেজ আৰু ঔষধ নিজৰ টকাৰে ক্ৰয় কৰিব লাগে।

বাবুল বৰা নামৰ এজন লোকে কয় যে মোৰ ল’ৰাৰ এক সপ্তাহৰ পৰা আইচিইউত চিকিৎসাধীন হৈ আছে ৷ মই এতিয়ালৈকে ৫০০০০ টকাৰ ঔষধ ক্ৰয় কৰিছো ৷চিকিৎসকে দিয়া ঔষধ ফাৰ্মাছীত উপলব্ধ নহয় ৷কিছুমান ঔষধ চিকিৎসালয়ৰ অমৃত ফাৰ্মাচীত পোৱা যায় ।অৱশ্যে অমৃত ফাৰ্মাচীত সকলো ঔষধ কম মূল্যত পোৱা যায় যদিও জিএমচিএইচৰ বাহিৰৰ পৰা ঔষধ ক্ৰয় কৰিছোঁ ৷

আনহাতে জিএমচিএইচৰ বিভিন্ন বিভাগৰ বিষয়ে মন্তব্য কৰা কেৱল বাবুল বৰাই নহয় অন্যান্য লোকসকলেও এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ অন্য এগৰাকী ব্যক্তিৰ মত অনুসৰি জিএমচিএইচত কোনো ঔষধ বিনামূলীয়া নহয়। আমি সকলো ক্ৰয় কৰিব লাগে ৷ কোনো বিভাগে চাৰ্জাৰী কৰাৰ প্ৰাকমূহুৰ্তত চাৰ্জাৰী কৰাৰ সকলো বস্তু ক্ৰয় কৰিব লাগে ৷প্ৰসূতি সকলে সন্তান জন্ম দিবৰ কাৰণে স্ত্ৰী ৰোগ বিভাগক মূল্য দিব লাগে ৷লগতে ৰোগী গৰাকীৰ পৰিয়ালৰ সদস্যই কয় যে জিএমচিএইচৰ চিকিৎসক সকলৰ ব্যক্তিগত ফাৰ্মাছীৰ লগত বুজা বুজি থাকে আৰু সেই ঔষধসমূহ সেই ফাৰ্মাৰ্চীসমূহতহে পোৱা যায়।

ইফালে অপেৰেশ্যন গৃহসমূহ আধুনিক ভাৱে নিৰ্মাণ কৰিছে যদিও চিকিৎসকসকলৰ ব্যৱহাৰত কোনো পৰিৱৰ্তন হোৱা নাই। অধিকাংশ ৰোগীক চোৱা চিতা কৰিবলৈ কনিষ্ট চিকিৎসক সকল আহে । মোৰ চিকিৎসা হৈ থকা সময়ত কোনো এজন জেষ্ঠ্য চিকিৎসকে মোক চোৱা চিতা কৰিবলৈ অহা নাই ৷ লগতে চিকিৎসক আৰু ৰোগীসকলৰ সম্পৰ্কটো ভাল নহয় বুলি মন্তব্য কৰে ৷ আৰু কোনো জৰুৰী কালীন অৱস্থাত থকা ৰোগীক চিকিৎসকসকলে তাৎক্ষনিক ব্যৱস্থা নলয় বুলি মন্তব্য কৰে ৷

দ্বিতীয়তে,বিগত তিনিৰ পৰা চাৰি বৰ্ষৰ ভিতৰত আইচিচিএইচত বেড সীমিত হোৱাৰ কাৰণে প্ৰায় ৩০০০ তকৈ অধিক ৰোগী স্থানান্তৰ কৰা হয়। চিকিৎসালয়খনত প্ৰায় ৯০ আইচিইউ বেড আছে ৷চৰকাৰী তথ্য অনুসৰি ২০১১ চনৰ পৰা ২০১৭ চনৰ ভিতৰত চিকিৎসালয়খনত ৪৩.৪৬৩ জন ৰোগীৰ মৃত্যু হৈছে ৷ চিকিৎসালয় খনত সকলোতকৈ অধিক লোকৰ মৃত্যু হৈছে ২০১৭ চনত ৭৫১৮ জন। ইফালে অ’পিডি আৰু জৰুৰীকালীন বিভাগত চিকিৎসাৰ কাৰণে চিকিৎসালয়খনত হাজাৰো অধিক ৰোগী জিএমচিএইচলৈ আহে ৷গতিকে বিভাগীয় কৰ্তৃপক্ষই চিকিৎসালয়খনা সন্দৰ্ভত কি ব্যৱস্থা লয় সেয়া হ’ব উল্লেখ্যযোগ্য ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Congress leaders join BJP in state head office, Hengerabari