শীৰ্ষ বাতৰি

চৰকাৰৰ সৈতে শান্তি আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আলফা (স্বাধীন)ৰ

Sentinel Digital Desk

চৰকাৰৰ সৈতে শান্তি আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আলফা (স্বাধীন)ৰ। সযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ এটা অংশৰ লগত ইতিমধ্যে শান্তি আলোচনা‌ চলাৰ লগতে, ৰাজ্য চৰকাৰে আলফা (স্বাধীন) আৰু আলফা (স্বাধীন) ৰ মুখ্য সেণাধ্যক্ষ পৰেশ বৰুৱাক কেন্দ্ৰৰ লগত এক শান্তি আলোচনাত মিলিত হ'বলৈ আহ্বান জনায় ।

এই আৱেদন কৰাৰ পিছতেই ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে সংবাদ মাধ্যমৰ আগত কয় যে, " মই পৰেশ বৰুৱা আৰু সযুক্ত মুক্তি বাহিনী ,অসম( স্বাধীন) ক আহ্বান কৰো যে তেওঁলোকে যাতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত এক অৰ্থপূৰ্ণ শান্তি আলোচনাত মিলিত হয় "।

লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰই সংযুক্ত মুক্তি বাহিনী,অসম (স্বাধীন) ৰ সৈতে শান্তি আলোচনাত মিলিত হ'বলৈ সাজু আছে । লগতে তেওঁ কয় যে, " নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আমাক আলফা (স্বাধীন)ৰ লগত আলোচনাৰ আশ্বাস দিছে । তেওঁ বিচাৰে যে এই আলোচনা খন অৰ্থপূৰ্ণ হওক আৰু ইয়াৰ বাবে এই আলোচনাত আলফাৰ প্ৰতিটো গোটকে অন্তৰ্ভুক্ত কৰা উচিত "।

সোমবাৰে নতুন দিল্লীত স্বাক্ষৰিত হোৱা ত্ৰিপাক্ষিক বড়ো চুক্তি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে , এই বুজাবুজিৰ চুক্তি খনে ১৯৬৬ চনৰ পৰা অসমৰ পৃথক ৰাজ্যৰ‌ দাবী কৰা আন্দোলনৰ সমাপ্ত কৰি দিলে । এই সমস্যাটোৰ সময়ত প্ৰায় ৪০০ জনসাধাৰণ আৰু সুৰক্ষা বাহিনীৰ মৃত্যু হৈছিল।‌

ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত নিৰ্মান হোৱা বি টি এ ডিত অন্তৰ্ভুক্ত আছিল কোকৰাঝাৰ, বাক্সা , চিৰাং আৰু ওদালগুৰি।

লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৩০ জানুৱাৰী তাৰিখে বড়ো জনগোষ্ঠীৰ বিভিন্ন দলে আনুষ্ঠানিক ভাৱে তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ ,গুলী বাৰুদ ৰাজ্যৰ প্ৰশাসনকৰ হাতত অৰ্পন কৰিব। এই অনুষ্ঠানটি গুৱাহাটী অথবা কোকৰাঝাৰত হ'ব পাৰে।

অসম চুক্তিৰ ৬ নং দফা সম্পৰ্কে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত থকা উচ্চ স্তৰীয় কমিটী খনে আগন্তুক ২০২০ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে ভাৰত চৰকাৰক এক প্ৰতিবেদন জমা কৰিব। তেওঁলোকে জমা কৰা আৱেদনৰ ভিত্তিতেই অসমে বহাগ বিহুৰ আগত এক ইতিবাচক খবৰ লাভ কৰিব । এয়া আশ্বাস দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।