Begin typing your search above and press return to search.

আমি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'ন স্বীকাৰ নকৰো: সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা

আমি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅন স্বীকাৰ নকৰো: সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2020 8:54 AM GMT

আমি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'ন স্বীকাৰ নকৰো: সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা । সোমবাৰে স্বাক্ষৰ হয় ঐতিহাসিক বড়ো চুক্তি। এই ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ হয় কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এন ডি এফ বিৰ চাৰিটা গোটৰ মাজত। কিন্তু এই বড়ো চুক্তিৰ বিৰোধিতা কৰে বহু অ- বড়ো সংগঠনে ।

আদিৱাসী ছাত্ৰ সংস্থা , নাথ-যোগী ছাত্ৰ সংস্থা , কলিতা জনগোষ্ঠী সন্মিলন ,‌সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা ( আক্ৰাছু) আৰু প্ৰাক্তন কমতাপুৰ লিবাৰেছন অৰগেনাইজেছনৰ নেতা সকলে এই সংবাদ মেলত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'ন ৰ বিৰোধিতা কৰে।

সংগঠনটোৱে কয় যে এই চুক্তি খনত এই পাক্ষিক আৰু এই সিদ্ধান্ত গ্ৰহনত অঞ্চলত থকা অ বড়ো লোক সকলৰ লগত কোনো ধৰণৰ আলোচনাত মিলিত হোৱা নাছিল । দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেল সম্বোধন কৰি আক্ৰাছুৰ উপদেষ্টা হিতেশ বৰ্মাই কয় যে " যেতিয়া বি টি চি চুক্তি খন স্বাক্ষৰ হয় তেতিয়া আমি এই আলোচনাত নাছিলো । বি টি চিত বাস কৰা অ বড়ো লোক সকল ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ভাৱে বঞ্চিত আছিল "।

লগতে তেওঁ কয় যে , "বহু কেইখন অ বড়ো গাওঁ বি টি এ ডি ত অন্তৰ্ভুক্ত কৰা হৈছিল ।‌ আমি ইতিমধ্যে সেই গাওঁ সমূহ বি টি এ ডিৰ পৰা কৰ্তন কৰিবলৈ চৰকাৰক আহ্বান জনাইছিলো । কিন্তু চৰকাৰে আমাৰ সমস্যাৰ সমাধান নকৰি চুক্তি স্বাক্ষৰ কৰিলে । আমি এই চুক্তি খন কেতিয়াও মানি নলওঁ আৰু ইয়াৰ বিৰোধ প্ৰদৰ্শন কৰিম " ।

উল্লেখযোগ্য যে ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে স্বাক্ষৰ হয় ঐতিহাসিক বড়ো শান্তি চুক্তি। অসমৰ ভৌগোলিক অখণ্ডতা অক্ষুণ্ণ ৰাগি বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে স্বাক্ষৰিত হ'ল ঐতিহাসিক বড়ো শান্তি চুক্তি। তৃতীয় খন বড়ো শান্তি চুক্তি স্বাক্ষৰ হয় কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এন ডি এফ বিৰ চাৰিওটা গোটৰ সৈতে স্বাক্ষৰ হয় এই ত্ৰিপাক্ষিক ঐতিহাসিক চুক্তি খন । এই চুক্তি স্বাক্ষৰৰ পিছতেই বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্ট (বি টি এ ডি) ৰ নাম সলনি কৰি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'ন (বি টি আৰ) কৰা হ'ল । এই চুক্তিৰ ফলত লাভান্বিত হ'ব বড়ো সমাজ । বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে স্বাক্ষৰিত হয় এই চুক্তি । এই ঐতিহাসিক বড়ো শান্তি চুক্তিৰ বিৰোধিতা কৰে বহু অ- বড়ো সংগঠনে ।

অন্য খবৰৰ বাবে পঢ়ক : বড়ো চুক্তি স্বাক্ষৰ : ঐতিহাসিক বড়ো চুক্তিক আদৰণি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : HSLC/AHM Examination 2020: Board of Secondary Education, Assam meeting held in Guwahati

Next Story
চাকৰি