Begin typing your search above and press return to search.

বড়ো চুক্তি স্বাক্ষৰ : ঐতিহাসিক বড়ো চুক্তিক আদৰণি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বড়ো চুক্তি স্বাক্ষৰ : ঐতিহাসিক বড়ো চুক্তিক আদৰণি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2020 7:25 AM GMT

বড়ো চুক্তি স্বাক্ষৰ : ঐতিহাসিক বড়ো চুক্তিক আদৰণি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । সোমবাৰে স্বাক্ষৰ হোৱা ঐতিহাসিক বড়ো শান্তি চুক্তিক আদৰণি জনায় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে তেওঁ কয় যে এই বড়ো শান্তি চুক্তিয়ে বড়ো লোক সকলৰ বাবে পৰিবৰ্তন আনিব ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটৰ জৰিয়তে কয় যে , " শান্তি , সম্প্ৰতি আৰু একতাৰ এক নতুন দিগন্ত! আজিৰ দিনটো ভাৰতবৰ্ষৰ বাবে এক বিশেষ দিন । আজি বড়ো সমূদায়ৰ লগত হোৱা শান্তি চুক্তিয়ে বড়ো লোক সকলৰ বাবে এক পৰিৱৰ্তনৰ দিশ সূচনা কৰিব "।

লগতে তেওঁ কয় যে বড়ো শান্তি চুক্তি খন বহু কাৰণৰ ফলত স্বাক্ষৰিত হৈছে । ই সফলভাৱে শীৰ্ষস্থানীয় ষ্টেকহ'লডাৰ সকলক একত্ৰিত কৰিছে যি সকল সশস্ত্ৰ সংগ্ৰামৰ লগত জড়িত হৈ আছিল । সশস্ত্ৰ সংগ্ৰামৰ লগত জড়িত সকলো লোক ওলাই আহিছে এতিয়া দেশৰ অগ্ৰগতিৰ বাবে ।‌

বড়ো শান্তি চুক্তিয়ে বড়ো লোক সকলৰ অনন্য সংস্কৃতিৰ সুৰক্ষা তথা জনপ্ৰিয় কৰিব । এই চুক্তি খনে বহু দিন উন্নয়ন সাধন কৰিব । লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে বড়ো লোক সকলৰ আশা আকাংক্ষা অনুভৱ কৰি সকলো ধৰণৰ সহায় কৰিবৰ বাবে সকলো ধৰণৰ সম্ভৱ পৰ কামেই কৰিব ।

উল্লেখযোগ্য যে ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে স্বাক্ষৰ হয় ঐতিহাসিক বড়ো শান্তি চুক্তি। অসমৰ ভৌগোলিক অখণ্ডতা অক্ষুণ্ণ ৰাগি বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে স্বাক্ষৰিত হ'ল ঐতিহাসিক বড়ো শান্তি চুক্তি। তৃতীয় খন বড়ো শান্তি চুক্তি স্বাক্ষৰ হয় কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এন ডি এফ বিৰ চাৰিওটা গোটৰ সৈতে স্বাক্ষৰ হয় এই ত্ৰিপাক্ষিক ঐতিহাসিক চুক্তি খন । এই চুক্তি স্বাক্ষৰৰ পিছতেই বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্ট (বি টি এ ডি) ৰ নাম সলনি কৰি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'ন (বি টি আৰ) কৰা হ'ল ।

এই চুক্তিৰ ফলত লাভান্বিত হ'ব বড়ো সমাজ । বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে স্বাক্ষৰিত হয় এই চুক্তি । বড়ো সকলৰ বিকাশৰ বাবে বহু ব্যৱস্থা সন্নিৱিষ্ট হৈছে এই বড়ো শান্তি চুক্তিত। এই চুক্তিৰ অধীনত বি টি চিত থকা পৰিষদীয় আসনৰ সংখ্যা ৪০ ৰ পৰা ৬০ খনলৈ বৃদ্ধি কৰা হব । এই চুক্তিৰ গুৰুত্বপূৰ্ণ দিশ হ'ল বি টি আৰ বহিৰ্ভূত বড়ো অধ্যুষিত গাঁও সমূহক লৈ গঠন কৰা হ'ব বড়ো কছাৰী কল্যান পৰিষদ । তদুপৰি এই চুক্তি খনত এনে বহু ব্যৱস্থা আছে যিয়ে বড়ো সকলৰ কল্যানৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াব ।

অন্য খবৰৰ বাবে পঢ়ক : অসম চৰকাৰে পৰ্যায়ক্ৰমে ৩৩,০০০ খিলঞ্জীয়া ভূমিহীন লোকক ভূমি পাট্টা জাৰি কৰিব

ভিডিঅ প্ৰতক্ষ্য কৰক : Noted Exponent of Folk Culture Dr Krishna Kanta Handique conferred with ‘Bukul Ban Award 2020’

Next Story
চাকৰি