শীৰ্ষ বাতৰি

ক’ৱিড-১৯ : এইবাৰ শক্তিপীঠ কামাখ্যা মন্দিৰত অনুষ্ঠিত নহয় অম্বুবাচী মেলা

Sentinel Digital Desk

ক’ৱিড-১৯ : এইবাৰ শক্তিপীঠ কামাখ্যা মন্দিৰত অনুষ্ঠিত নহয় অম্বুবাচী মেলা ।‌ ক’ৱিড-১৯ মহামাৰীৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা দেৱালয় কমিটীয়ে এইবৰ্ষৰ অম্বুবাচী মেলা পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে এই বৰ্ষৰ মেলা কেৱল নগন্যসংখ্যক লোকৰ সৈতে নিয়ম খিনিহে পালন কৰা হ'ব।‌ ক’ৱিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ নীতি-নিৰ্দেশনা মানি চলি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কমিটীয়ে ।

এই কথা সদৰী কৰি দা ছেন্টিনেলৰ আগত দেৱালয় কমিটীৰ সম্পাদক ভুপেন শৰ্মাই কয়, " অম্বুবাচী মেলা পালন নকৰাটো ৰাজ্যৰ ৰাজহৰ এক বৃহৎ ক্ষতি । যি ৰাজহ ধৰ্মীয় পৰ্যটক আৰু ৰাজ্যৰ তীৰ্থ যাত্ৰী সকলৰ পৰা আহে । নীলাচল পাহাৰৰ আৱাসীসকলৰো ক্ষতি হ'ব, কিয়নো মেলাৰ সময়ত যাত্ৰীক তেওঁলোকে ঘৰ ভাড়া দিয়ে । বহু লোক পশ্চিমবংগ আৰু আন ৰাজ্যৰ পৰা আহে। গতিকে এই বৰ্ষৰ মেলা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু বহু কম লোকৰ সৈতে নিয়ম পালন কৰা হব ।‌দেৱালয়ৰ মুখ্য দেৱালয় ২২ জুনৰ পৰা ২৬ জুনলৈ বন্ধ থাকিব”।