শীৰ্ষ বাতৰি

আন্তঃজিলা যাতায়াতঃ কামৰূপ-কামৰূপ(ম)একেখন জিলাৰূপে গণ্য হ'ব

Sentinel Digital Desk

ক'ৰ'নাৰ বিভীষিকাৰ মাজতে অহা ৩০ আৰু ৩১ জুলাইত ৰাজ্য চৰকাৰে আন্তঃজিলা যাতায়াত বা এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ চৰ্ত সাপেক্ষ অনুমতি দিছে।এই ক্ষেত্ৰত কামৰূপ আৰু কামৰূপ(মহানগৰ)জিলাক একেখন জিলাৰূপে গণ্য কৰিব ৰাজ্য চৰকাৰে। এই সংক্ৰান্তীয় জাননী জাৰি কৰিছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। আনহাতে, অহা ৩০ আৰু ৩১ জুলাইৰ আন্তঃজিলা ভ্ৰমণ সম্পৰ্কত দ্যা ছেণ্টিনেল ডিজিটেলক এক চৰকাৰী সূত্ৰই কয় যে কামৰূপ আৰু কামৰূপ(মহানগৰ) জিলাক একেখন জিলাৰূপে গণ্য কৰা হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত সুকীয়া অনুমতি পত্ৰ বা পাছৰ প্ৰয়োজন নহ'ব বুলি সূত্ৰটোৱে জনায়।

উল্লেখ্য যে যোৱা ২২ জুলাইত অহা ৩০ আৰু ৩১ জুলাইত সাধাৰণ লোকক আন্তঃজিলা ভ্ৰমণৰ সুযোগ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। অৱশ্যে এই ক্ষেত্ৰতো ক'ৰ'না প্ৰতিৰোধৰ বিধি সংশ্লিষ্ট সকলোৱে আখৰে আখৰে মানি চলিব লাগিব বুলি মুখ্য সচিবে জাননী জাৰি কৰি থৈছে।