শীৰ্ষ বাতৰি

২০২১ৰ নিৰ্বাচনঃ নতুন ৰাজনৈতিক দল গঠন কৰিব কৃষক মুক্তিয়ে

Sentinel Digital Desk

আগন্তক ২০২১ৰ অসম বিধানসভা নিৰ্বাচনলৈ এইবাৰ কঁকালত টঙালি বান্ধিলে কৃষক মুক্তি সংগ্ৰাম সমিতি(কে এম এছ এছ)য়ে। এই নিৰ্বাচনত প্ৰতিদ্বনদ্বিতা কৰাৰ লক্ষ্যৰে সংগঠনটোৱে এটা ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লৈছে। এই কথা ঘোষণা কৰি কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ভাস্কো-ডি শইকীয়াই কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ প্ৰতি কৰা অন্যায়ৰ প্ৰতিবিধানৰূপে কৃষক মুক্তিয়ে ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লৈছে।

অৱশ্যে কৃষক মুক্তিয়ে পূৰ্বে জন্ম দিয়া গণ মুক্তি সংগ্ৰাম সমিতিৰ নাম এই নতুন ৰাজনৈতিক দলৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰে বুলি শইকীয়াই প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে কৃষক মুক্তিৰ এই দলে ৰাজ্যৰ সকলো ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ লোকক সামৰি লব। ইতিমধ্যে দল গঠনৰ বৌদ্ধিক কাম-কাজ সম্পন্ন হৈছে বুলিও কৃষক মুক্তিৰ নেতাজনে সদৰী কৰে। দলে ৰাজ্যবাসীৰ কল্যাণৰ বাবে কাম যাব বুলি তেওঁ লগতে উল্লেখ কৰে।   তেওঁ কয় যে কাৰামুক্ত হোৱাৰ পাছত অখিল গগৈয়ে কৃষক মুক্তিৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ নাম ঘোষণা কৰিব।