শীৰ্ষ বাতৰি

ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ কৃষ্ণনগৰক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত

Sentinel Digital Desk

ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ কৃষ্ণনগৰক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত

গুৱাহাটীৰ মালিগাঁৱৰ গোশালাৰ কৃষ্ণনগৰ অঞ্চলক ক'ৰ'না কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত কৰিছে প্ৰশাসনে। অঞ্চলটোত ক'ৰ'না আক্ৰান্ত চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এই কথা সদৰী কৰি কামৰূপ(মহানগৰ)জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে কয় যে কৃষ্ণনগৰত তাত্ক্ষণিকভাবে কণ্টেইনমেণ্ট জ'নৰ নীতি-নিয়মাৱলী প্ৰযোজ্য হৈছে।

এই কণ্টেইনমেণ্ট জ'নৰ চাৰিসীমা নিম্নোক্ত ধৰণে হ'বঃ

ক) উত্তৰঃ কৃষ্ণনগৰ

খ) দক্ষিণঃ মিঠা আমতল

গ) পূবঃ আদিনগিৰি গাঁও

ঘ) পশ্চিমঃ গো-শালা আদিনগিৰি পথ।  

ইপিনে, উক্ত কণ্টেইনমেণ্ট জ'নত অকৰ্তৃত্বশীল কোনো লোক আৰু যান-বাহনে প্ৰৱেশ কৰিব নোৱাৰিব বুলি জিলা প্ৰশাসনে জাননী জাৰি কৰিছে ৷ এই নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে ২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু ১৮৯৭ৰ মহামাৰী ৰোগ আইনকে ধৰি আনুসংগিক আইনৰ ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে সকলোকে সতৰ্ক কৰি দিছে ৷