শীৰ্ষ বাতৰি

গছ কটাৰ বাবে ফেঁকুৰি উঠা কণমানি গৰাকীক গ্ৰীন এম্বেচাদৰ হিচাপে ঘোষণা

Sentinel Digital Desk

মনিপুৰৰ মুখ্যমন্ত্ৰীয়ে ৯ বছৰীয়া কিশোৰী এগৰাকীক গ্ৰীন এম্বেচাদৰ হিচাপে ঘোষণা কৰে । এই কণমানি কিশোৰী গৰাকীয়ে গছ কটা প্ৰতক্ষ্য কৰি ফেঁকুৰি উঠিছিল । মনিপুৰৰ চৰকাৰে সেউজ মিছনৰ নতুন এম্বেচাদৰ হিচাপে কিশোৰী গৰাকীক নিযুক্তি দিয়ে।

কাকচিঙ জিলাত শনিবাৰে এই ৯ বছৰী কিশোৰী গৰাকীৰ বাসগৃহত নিজে ৰোপণ কৰা গছ পুলি কাটি দিয়াৰ কাৰণে ফেঁকুৰি ফেঁকুৰি কান্দি উঠিছিল । সুন্দৰকৈ গছ জোপা ডাঙৰ হৈছিল । কিন্তু গছ দুজোপা পথৰ কাষত থকাৰ বাবে কাটিব লগা হৈছিল ।

কণমানি জনীয়ে গছ কটাৰ পিছত ফেঁকুৰি ফেঁকুৰি কন্দা ভিডিঅটো মনিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে প্ৰতক্ষ্য কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ সেউজ মিছনৰ এম্বেচাদৰ হিচাপে ঘোষণা কৰে । এই ৯ বছৰীয়া কণমানি গৰাকীৰ নাম ইলাংবাম ভেলেন্টিনা দেৱী । পঞ্চম শ্ৰেণীত অধ্যয়ন কৰে কণমানি গৰাকীয়ে । গছ দুজোপা কাটি পেলোৱাৰ দুখতে কান্দি উঠে ইলাংবামে ।

https://www.facebook.com/nbiren.singh/posts/557411171460150

মুখ্যমন্ত্ৰীয়ে সেউজ মিছনৰ এম্বেচাদৰ হিচাপে ঘোষণা কৰাৰ পিছত কণমানি গৰাকীয়ে মনিপুৰ খন সেউজীয়া কৰি তুলিব বুলি প্ৰকাশ কৰে । গছ জোপা কাটি পেলোৱা দৃশ্য দেখি ফেঁকুৰি ফেঁকুৰি কান্দি উঠা কণমানি জনৰ ভিডিঅটো ফেচবুকত প্ৰকাশ কৰা হৈছিল । তাৰ পাছতে ভাইৰেল হৈ পৰে ।

ইলাংবাম প্ৰথম শ্ৰেণীত থাকোতেই গছ দুজোপা ৰোপণ কৰিছিল । তেতিয়াৰে পৰা গছ দুজোপা প্ৰতিপালন কৰিছিল কণমানি জনীয়ে । কিন্তু শনিবাৰে ইলাংবাম ঘৰলৈ ওভতি অহাৰ পিছত গছ দুজোপা কাটি পেলোৱা দেখা কান্দোনত ভাঙি পৰে ।

১৮ জুলাইত মুখ্যমন্ত্ৰী এন বিৰেন সিঙে গ্ৰীন মনিপুৰ মিছনৰ উদ্বোধন কৰে । হঠাতে কণমানি জনীৰ গছ-গছনিৰ প্ৰতি মৰম দেখি তাইক সেউজ মিছনৰ এম্বেচাদৰ হিচাপে ঘোষণা কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে কণমানি গৰাকীক লগ কৰিব বুলি প্ৰকাশ কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Four Suspected ULFA(I) linkmen Apprehended by Dibrugarh Police