শীৰ্ষ বাতৰি

গুৱাহাটীত উত্তৰ পূবৰ সকলোতকৈ দীঘলীয়া উৰণীয়া সেতুৰ নিৰ্মাণ

Sentinel Digital Desk

গুৱাহাটীত যান বাহনৰ সমস্যা নতুন কথা নহয় ৷ দিনক দিনে বৃদ্ধি পোৱা বাহনৰ সংখ্যা সীমিত কৰিবলৈ লগতে উত্তৰ পূবৰ দূৱাৰ মুখেদি অহা যোৱা কৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটীত এখন বিশেষ উৰণীয়া সেতু নিৰ্মাণৰ কাৰণে আঁচনি তৈয়াৰ কৰিছে ৷এই উৰণীয়া সেতুখন নিৰ্মাণ হোৱাৰ পিছত উত্তৰ পূবৰ গুৱাহাটী- শ্বিলঙৰ পথত হোৱা ১.৫ কিলোমিটাৰৰ উৰনীয়া সেতুখন সকলোতকৈ দীঘলীয়া সেতু হিচাপে পৰিগণিত হ’ব।

ইফালে ৰাজ্যৰ গড়কাপ্তানি বিভাগে প্ৰথমতেই ইয়াৰ এক বিস্তৃত আঁচনি তৈয়াৰ কৰিছে ৷ আনহাতে সম্প্ৰতি আন এখন উৰণীয়া সেতু গুৱাহাটীৰ গণেশগুৰিত নিৰ্মাণ হৈ আছে ৷ আন এখন উৰণীয়া সেতু দিছপুৰৰ জনতা ভৱনৰ সন্মুখত আৰম্ভ হৈ ডাউন টাউন আৰক্ষীৰ থানাৰ ওচৰত সমাপ্ত হ’ব ৷অন্যহাতে এছঅ’পিডি অৰ্থাৎ অধীনত এই আঁচনিত ব্যয় হ’ব প্ৰায় ১২৬ কোটি টকা ৷

অৱশ্যে আঁচনিখন সমাপ্ত হ’বলৈ প্ৰয়োজন হ’ব প্ৰায় তিনি বছৰ। ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ এক বিশেষ সূত্ৰই দ্য চেন্টিনেলৰ আগত মন্তব্য কৰা অনুসৰি বিভাগে নিৰ্ধাৰিত সময়ৰ পুৰ্বতে উৰণীয়া সেতুৰ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব ৷ উল্লেখ্য যে উৰনীয়া সেতু নিৰ্মাণৰ সময়ত যাতায়ত ব্যৱস্থাত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ কাৰণে ব্যৱস্থা কৰি এক প্ৰতিবেদন তৈয়াৰ কৰিব ৷আৰু গুৱাহাটী যান বাহন বিভাগৰ লগত আলোচনা কৰিব।

ভিডিঅ প্ৰতক্ষ্য কৰক:Bharat Ratna Bhupen Hazarika’s statue inaugurated in Makum