Begin typing your search above and press return to search.

অসমৰ কাৰণে ডনাৰৰ ৪৭১.৫৮ কোটি টকাৰ আঠখন আঁচনিৰ অনুমোদন

অসমৰ কাৰণে ডনাৰৰ  ৪৭১.৫৮ কোটি টকাৰ আঠখন আঁচনিৰ অনুমোদন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2019 4:26 AM GMT

অসমৰ কাৰণে ডনাৰৰ ৪৭১.৫৮ কোটি টকাৰ আঠখন আঁচনিৰ অনুমোদন । উত্তৰ পূব বিকাশ মন্ত্ৰ্যালয় Ministry of Development of North Eastern Region"ডনাৰ" য়ে নৰ্থ ইষ্ট স্পেছিয়েল ইনফাষ্ট্ৰাকশ্যাৰ ডেভেলপমেন্ট স্কিমে (North East Special Infrastructure Development Scheme) অসমৰ কাৰণে ৪৭১.৫৮ কোটি টকাৰ মঞ্জুৰী দিছে। আৰু ৰাজ্য চাকাৰৰ আশা যে মন্ত্ৰ্যালয়ে সময়সমতে এই আঁচনিসমূহ সম্পূৰ্ণ কৰিব । বৰ্তমান এই আঠটা আঁচনি সম্পূৰ্ণ কৰিবৰ কাৰণে সময়সীমা হৈছে ২০২০ চনৰ মাৰ্চ ।

এক বিশেষ সূত্ৰই দ্য চেন্টিনেলক কোৱা অনুসৰি এই আঁচনিসমূহক মঞ্জুৰী দিয়া পলম হ’ল ৷ গতিকে দিছপুৰে আশা প্ৰকাশ কৰিছে যে ২০২০ চনৰ মাৰ্চৰ ভিতৰত আঁচনি সমূহ সম্পূৰ্ণ কৰিব। ইফালে এই সম্পৰ্ণ কৰিব লগীয়া আঠখন আঁচনি হৈছে যোৰহাটত তিনিখন ৬৭.৭৫ কোটি টকাৰ উৰণীয়া সেতু,২৭.১৯ কোটি টকাৰ তিনিচুকীয়াত জল যোগান আঁচনি,চিৰাং জিলাৰ আই নদীৰ ওপৰত ৬৯.৭ কোটি টকাৰ টকাৰ আৰচিচি পুল,চিৰাং জিলাৰ জেএচবি চিকিৎসালয়ৰ পুনৰ নিৰ্মাণৰ কাৰণে ২২.৯৯ কোটি টকা,কাৰ্বি আংলঙত ২২,৮৭ কোটি টকাৰ গ্ৰেটাৰ খেৰণী পাইপ ৱাটাৰ আঁচনি,ডিমা হাচাও পৰা উমৰাংচুলৈ ৯০ কিলো মিটাৰ পথৰ কাৰণে ১৯৯.৫৬ কোটি টকা,শিৱসাগৰ জিলাৰ দিখৌ নদীৰ শ্ৰীপুৰিয়াত ১৮ কোটি টকাৰ আৰচিচি পুল,ডিগবৈৰ জল যোগান ৪৪.৫২ কোটি টকাৰ আঁচনি ৷

আনহাতে এই আঁচনি সমূহৰ কিছুমান ইতিমধ্যে আৰম্ভ হৈছে ৷২০১৭ চনৰ ১৫ ডিচেম্বৰত এনইএচআইডিএচক (North East Special Infrastructure Development Scheme) নতুন কেন্দ্ৰীয় আঁচনিৰ ৰূপত ভাৰত চৰকাৰে অনুমোদিত কৰিছিল। এনইএচআইডিএচৰ(North East Special Infrastructure Development Scheme) অধীনত জলযোগান আঁচনি,বিদ্যুৎ আদিৰ আঁচনি নিৰ্মাণৰ কাম হয়। ইফালে অনুমোদিত কৰা ধন দুটা কিস্তিত কিস্তিত প্ৰদান কৰে ৷

এটাত ৪০ শতাংশ আৰু আনটোত ৬০ শতাংশ ।এনইএচআইডিএচৰ (North East Special Infrastructure Development Scheme) ইতিবাচক কথা এয়ে যে কেন্দ্ৰই স্বীকৃতি প্ৰাপ্ত আঁচনিসমূহৰ ১০০ শতাংশ বহন কৰে। এনইএচআইডি (North East Special Infrastructure Development Scheme) আঁচনিৰ সময়সীমা ২০১৭-১৮ ৰ পৰা ২০১৯-২০ ৰ জুলাইলৈকে আছে ৷ডনাৰৰে (Ministry of Development of North Eastern Region) এই আঁচনিক সম্পূৰ্ণ উত্তৰ পূবৰ কাৰণে ১.১৬৩,৮৪ কোটি টকাৰ অনুমোদিত কৰাৰ লগতে মঞ্জুৰী দিছে।

Also Read: উত্তৰ পূব পৰিষদে এক্ট ইষ্ট পলিচিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে: সৰ্বানন্দ সোনোৱাল

Also Watch:Head on collision between van carrying school students and mini truck in Sonari

Next Story
চাকৰি