শীৰ্ষ বাতৰি

প্ৰথমে ধৰ্ষণ তাৰ পাছত গৰ্ভধাৰণ ! ২৫ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিলে চুবুৰীয়াই

Sentinel Digital Desk

ঘটনাটো পোহৰলৈ আহিছিল যেতিয়া নাবালিকাগৰাকীয়ে পেটৰ বিষ অনুভৱ কৰিছিল, যাৰ পাছত ভুক্তভোগীৰ পৰিয়ালৰ লোকে কিশোৰীগৰাকীক নিকটতম চিকিৎসালয়লৈ লৈ গৈছিল, তেতিয়াই চিকিৎসকে কৈছিল যে তাই পাঁচ মাহৰ গৰ্ভৱতী।

এজন আৰক্ষী বিষয়াই কয় যে, কিশোৰাগৰাকীৰ পিতৃ-মাতৃয়ে তাইক এগৰাকী চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল তেতিয়াই তেওঁ গৰ্ভৱতী হোৱাটো নিশ্চিত হৈ পৰিছিল।"

আৰক্ষীৰ মতে, অভিযুক্তজনে কিশোৰীগৰাকীক ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি ধৰ্ষণ কৰিছিল। অভিযুক্তজন তেওঁৰ পত্নী আৰু দুই সন্তানৰ সৈতে পলাই গৈছিল।

আৰক্ষীয়ে লগতে কয় যে "আমি অভিযুক্তজনক গ্ৰেপ্তাৰৰ বাবে অনুসন্ধানত নামিছিলো আৰু তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হলো। অভিযুক্তজনক শুক্ৰবাৰে ৰিমাণ্ডৰ বাবে আদালতত হাজিৰ কৰোৱা হ'ব, আৰক্ষীৰ লোকে জানিবলৈ দিয়ে। অভিযুক্তজনৰ ওপৰত ধৰ্ষণৰ আৰু পকশ্বো আইনৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।