শীৰ্ষ বাতৰি

তলাবন্ধ উলংঘাঃ মণিপুৰত একেদিনাই ১,১০৪জনক আটক, ৮৪২ বাহন জব্দ

Sentinel Digital Desk

তলাবন্ধ উলংঘাঃ মণিপুৰত একেদিনাই ১,১০৪জনক আটক, ৮৪২ বাহন জব্দ

যেন মণিপুৰত ক’ৱিড-১৯ তলাবন্ধ উলংঘাৰ প্ৰতিযোগিতা চলিছে! ক’ৱিড মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য দেশজুৰি আৰোপ কৰা তলাবন্ধৰ নীতি নিয়ম উলংঘা কৰি মণিপুৰত একেদিনাই আটক হল সহস্ৰাধিক লোক। কালি বৃহস্পতিবাৰে মণিপুৰ আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা তলাবন্ধৰ নীতি-নিয়ম ভংগ কৰাৰ অভিযোগত ১,১০৪ জন লোকক আটক কৰে। তদুপৰি জব্দ কৰে ৮৪২খন বাহন। এই কথা সদৰী কৰি ৰাজ্যিক আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান(আইন-শৃংখলা)এল কালিয়ুনে কয় যে এই আটকাধীন লোকসকলক দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত জৰিমনা বিহা হয়। এনেদৰে মুঠতে তলাবন্ধ আৰু কাৰ্ফিউ উলংঘা কৰা লোকক এক লাখ ২২ হেজাৰ টকা জৰিমনা বিহা হৈছে। আনহাতে, মণিপুৰ সম্প্ৰতি কৱিড-১৯ মুক্ত ৰাজ্যত পৰিণত হৈছে। ৰাজ্যখনত দুজন ক’ৱিড-১৯ আক্ৰান্ত আছিল। সম্প্ৰতি দুয়োজনেই সুস্থ। ইয়াৰে এগৰাকী যুৱতী। লণ্ডনত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা এই যুৱতীগৰাকীয়েই আছিল ৰাজ্যখনৰ প্ৰথমগৰাকী ক’ৱিড-১৯ আক্ৰান্ত। ইতিমধ্যে তেওঁলোক হাস্পতালৰ পৰা ঘৰলৈ গৈছে।

ৰাজ্যখনৰ অন্তিম ক’ৱিড-১৯ পজিটিভ ব্যক্তিজন আছিল থৌবাল জিলাৰ ৫৩ বছৰীয়া এগৰাকী ব্যক্তি। লোকজনৰ একেৰাহে দুটা নমুনা পৰীক্ষাত নিগেটিভ অহাৰ পিছত তেওঁক সুস্থ বুলি চিকিত্সালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয় ।

তাৰ পাছতেই মণিপুৰ ক’ৱিড-১৯মুক্ত ৰাজ্যত পৰিণত হয় । উল্লেখ্য যে ২২ এপ্ৰিলৰ পৰা ৰাজ্য খনত কোনো নতুন পজিটিভ ব্যক্তি ওলোৱা নাই।