শীৰ্ষ বাতৰি

আমাক অনাহকত দোষী সজোৱা হৈছেঃ ক’ৰ’নাত মৃত ডা: চেলোৰ জোঁৱাইৰ মন্তব্য

Sentinel Digital Desk

আমাক অনাহকত দোষী সজোৱা হৈছেঃ ক’ৰ’নাত মৃত ডা: চেলোৰ জোঁৱাইৰ মন্তব্য

। শ্বিলঙৰ বাথানী চিকিৎসালয়ৰ স্বত্বাধিকাৰী চিকিৎসক ডাঃ চেলো অলপতে ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ।

ডাঃ চেলোৰ মৃত্যুৰ বাবে বহু লোকে চিকিৎসকজনৰ জোঁৱায়েকক দোষী সাব্যস্ত কৰিছে।‌

কিন্তু শহুৰেকৰ মৃত্যুৰ বাবে কোনোপধ্যে জগৰীয়া নহয় বুলি দাবী কৰিছে ডাঃ চেলোৰ জোঁৱায়েক আৰ্থাৰ ৱাংথিংথিঙে। এক বিবৃতিত আৰ্থাৰে কয়, “মোৰ শহুৰে ১২ ঘন্টা পূৰ্বে মৃত্যুবৰণ কৰে । মোৰ পত্নীয়ে নিজৰ পিতৃক হেৰুৱাইছে । আমি নাজানো যে তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন হৈছে নে নাই । মৃত্যুৰ সময়ত আমি তেওঁৰ ওচৰত নাছিলো । ৪৮ ঘন্টা আগতে সংবাদ মাধ্যম আৰু ছোচিয়েল মিডিয়াত মোক দোষাৰোপ কৰা হৈছে। নাগালেণ্ড আৰু মণিপুৰত বাস কৰা মোৰ পৰিয়ালৰ সদস্যবৰ্গও ইয়াকে লৈ ব্যথিত হৈছে।‌

কোৰোনা ভাইৰাছৰ এনে এবিধ ভাইৰাছ , যি আমি দেখা নাপাওঁ তথাপিও বুদ্ধিমান। আৰু ইয়াক মানুহেই বনাইছে । জীৱ শ্ৰেষ্ঠ মানুহৰ এইটো এটা কুৰূপ।

মোৰ দুবাৰকৈ কৰা পৰীক্ষাত নিগেটিভ ওলাইছে। মোৰ দুবাৰকৈ নমুনা সংগ্ৰহ কৰিছে আৰু তৃতীয় বাৰৰ লোৱাৰ কথা কোৱা হৈছে”। তেওঁ আকৌ কয়, “ ‌

মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইট কৰি কয় যে নতুন পৰীক্ষণ চলাই থকা হৈছে।

মোৰ পত্নীৰ পৰিয়ালৰ ৬ গৰাকী‌ ব্যক্তিয়েই কোৰোনা পজিটিভ । ইয়াত কোনো পৃথকৈ নাই ।‌আমি এতিয়াও একেলগে এটা ঘৰতে আছো।‌

আপোনালোক প্ৰায়ে মোৰ যাত্ৰা পঢ়িছে আৰু ম ই ভাবো যে দায়িত্বহীন যাত্ৰী । উৰা মোৰ পেছা । দুৰ্ভাগ্যবশতঃ পাইলটক কোৱাৰেন্টাইন কৰা নাই”।