পৰোপকাৰিতাঃ অসমৰ বানাক্ৰান্তক সহায় কৰি বহুতৰে হৃদয় জিনিলে মিজো যুৱক-যুৱতীয়ে
যুৱক-যুৱতীৰ এটা দল। এই যুৱক-যুৱতীসকল হ'ল মিজোৰামৰ ৷ তেওঁলোক ৰেলত আহিছে বাংগালুৰুৰ পৰা ৷ তলাবন্ধৰ ফলত আবদ্ধ হৈ আছিল বাংগালুৰুত ৷ ৰেলত আহি থকা অৱস্থাত যুৱক-যুৱতীৰ দলটোৱে ৰেলৰ পৰা খাদ্য-বস্তু নমাই কিছুসংখ্যক বানাক্ৰান্তৰ মাজত বিতৰণ কৰিছে৷ এই বানাক্ৰান্তসকল অসমৰ কোনো এক স্থানৰ ৷ উল্লেখ্য যে সাম্প্ৰতিক বানত ৰাজ্যৰ নখন জিলাৰ বহু অঞ্চল ক্ষতিগ্ৰস্ত হৈছে । এই মিজো যুৱক-যুৱতীসকলে এনেদৰে নিঃস্বাৰ্থ সেৱা আগবঢ়াই বহুতৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ।তেওঁলোকে বানাক্ৰান্তসকলক টোপোলাত খাদ্য (পেকেজড ফুড) বিতৰণ কৰাৰ এটা ভিডিঅ' ভাইৰেল হৈছে ৷ ইমানুৱেল ৰল্টে নামৰ এজন লোকে আপলোড কৰা এই ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে যে তলাবন্ধৰ সময়ছোৱাত বাংগালুৰুৰ পৰা বিশেষ ৰেলত উঠি অহা এই মিজো লোকসকলে কিছুসংখ্যক বানাক্ৰান্তৰ মাজত পেকেজড খাদ্য বিতৰণ কৰিছে ৷ এই বানাক্ৰান্তসকলে ৰেলপথৰ দাঁতিৰ এক ওখ স্থানত আশ্ৰয় লৈ আছে ৷ এই স্থান গোৱালপাৰা জিলাৰ বুলি ধাৰণা কৰা হৈছে ৷ উল্লেখ্য যে ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে হোৱা সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে গোৱালপাৰা জিলা ৷ বহু বান ক্ষতিগ্ৰস্তই ৰেলপথৰ দাঁতিৰ ওখ স্থানত টম্বু তৰি আশ্ৰয় লৈ আছে ৷ এনে একাংশ বান ক্ষতিগ্ৰস্তকে অলপতে খাদ্য বিতৰণ কৰা মিজোৰামৰ এই লোকসকলে ৷ এই ভিডিঅ' পাছত মিজোৰামৰ মুখ্যমন্ত্ৰী জ'ৰামথাংগায়ো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । ভিডিঅ'টোত তেওঁ কেপচন হিচাপে লিখিছে, " তলাবন্ধত বাংগালুৰুত আবদ্ধ হৈ থকাৰ সময়ত বিশেষ ৰেলত ঘৰমুৱা হোৱা পথত এইসকল মিজো লোকে বানাক্ৰান্তক সহায় কৰিছে ৷ ইয়ে মোক গৌৰাৱান্বিত কৰিছে ৷"
আৰু পঢ়িব পাৰেঃ ভাৰত নে ইণ্ডিয়া! দেশৰ নামক লৈ ২ জুনত উচ্চতম ন্যায়ালয়ত শুনানী