শীৰ্ষ বাতৰি

ইছ’ৰোৰ বিজ্ঞানীসকলক সমৰ্থন জনাই নাহৰকটীয়াত শিশুসকলৰ বিশেষ পদক্ষেপ

Sentinel Digital Desk

চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান ২ ৰ অভিযানে পূৰ্ণ অৰ্থত সফলতা লাভ নকৰিলেও ইছ'ৰোৰ এই অভিযানে সমগ্ৰ দেশবাসীকে গৌৰাম্বিত কৰিলে ৷ ভাৰতৰ মহাকাশ বিজ্ঞানক এঢাপ আগবঢ়াই দিয়া ইছৰোৰ বিজ্ঞানীসকলক প্ৰেৰণা যোগাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় দেশৰ নতুন প্ৰজন্মও ৷

চন্দ্ৰযান ২ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ প্ৰাকমূহুৰ্তত বেংগালুৰুৰ ইছ’ৰোৰ কাৰ্যালয়ত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে দেশৰ নিৰ্বাচিত শিক্ষাৰ্থীসকল ৷ ইয়াৰ বিপৰীতে দেওবাৰে বিয়লি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত এজাক শিশুৱে সমবেত হৈ ইছ’ৰোৰ বিজ্ঞানীসকলৰ প্ৰতি সমৰ্থন জনাই অংকণ কৰিলে এখন ইংগিতবাহী চিত্ৰ ৷

নাহৰকটীয়া পৌৰসভাৰ কাৰ্যালয়ৰ সমীপত চিত্ৰক’লাৰ শিক্ষক সপ্তৰ্ষী গগৈৰ নেতৃত্বত শিশুশিল্পীসকলে আঁকি উলিওৱা ছবিখনত অভিনন্দন জনালে ইছৰোৰ বিজ্ঞানীসকলক ৷ কেনভাছত ভাহি উঠিল চন্দ্ৰপৃষ্ঠৰ ছবিৰ লগতে সংযোগ বিচ্ছিন্ন হোৱা বিক্ৰমৰ ছবি ৷ আনহাতে শিশুশিল্পীসকলক উৎসাহিত যোগাবলৈ ছবি অংকণ স্থলীত উপস্থিত আছিল অৰ্ধশতাধিক লোক ৷

দেশৰ মহাকাশ বিজ্ঞানীসকলক অভিন্দন জনাবলৈ এনে শিল্পকৰ্মত জড়িত হৈ পৰা শিল্পীসকলে চন্দ্ৰপৃষ্ঠৰ সফলতাক লৈ এতিয়াও আশাবাদী বুলি ৷ অন্যহাতে ইছ’ৰোৰ প্ৰতি শিশুচামৰ এনে আগ্ৰহে প্ৰতীয়মান কৰিছে নতুন চামৰ মাজত বাঢ়ি অহা বিজ্ঞান প্ৰীতিক ৷লগতে এই চিত্ৰই যেন ইছ’ৰোৰ বিজ্ঞানীসকলক ক’লে যে নতুন উদ্যমেৰে আগুৱাই যোৱা ৷ আমি দেশ বাসী এই প্ৰতিটো মুহুৰ্ততে আছো আপোনালোকৰ লগত ৷

উল্লেখ্য যে চন্দ্ৰযান ২ ৰ সৈতে সংযোগ বিছিন্ন হোৱাৰ পিছত ইছ’ৰোৰ বিজ্ঞানীসকলৰ সাহস বৃদ্ধি কৰিবলৈ শনিবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হ’ল ISRO ৰ কাৰ্যালয়ত ৷ এই সময়তে কাৰ্যালয়ত বিৰাজ কৰে এক আৱেগিক পৰিবেশ ৷ কাৰণ, লেণ্ডাৰ বিক্ৰমৰ লগত সম্পৰ্ক বিছিন্ন হৈছিল ৷ বৰ্ষটো সকলো ফচল অসাৰত পৰিণত হৈছিল যদিও মনোবল হেৰুৱা নাছিল ইছ’ৰোৰ বিজ্ঞানীসকলে। দেশবাসীয়ে ইছ’ৰোৰ প্ৰত্যেকটো পদক্ষেপক লৈ সম্প্ৰতি গৰ্বিত ।

ইফালে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান ২ ৰ লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ কৰিছে ইছ’ৰোয়ে। এই কথা প্ৰকাশ কৰিছে ISRO ৰ মুৰব্বী কে ছিৱানে ৷ অৰ্বিটাৰে লেণ্ডাৰ বিক্ৰমৰ কিছুমান আলোক চিত্ৰ প্ৰেৰণ কৰিছে। বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সম্প্ৰতি চেষ্টা কৰি আছে বুলি জনালে কে ছিৱানে। অৱশ্য অৰ্বিটৰৰ দ্বাৰা লোৱা লেণ্ডাৰ বিক্ৰমৰ কিছুমান ফ’টো এতিয়াও ইছ’ৰোয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই ।সম্প্ৰতি ইছ’ৰোৰ এই সাফল্যত বিভিন্ন জন লোকে টুইটাৰকে ধৰি ছ’চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমেৰে শুভেচ্ছা জ্ঞাপন কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Former Chief Minister of Assam Tarun Gogoi addresses media in Jorhat