শীৰ্ষ বাতৰি

ক’ৰ’নাত আক্ৰান্ত নলবাৰীৰ ব্যক্তি উত্তৰ প্ৰদেশৰ বাসিন্দা

Sentinel Digital Desk

ক’ৰ’নাত আক্ৰান্ত নলবাৰীৰ ব্যক্তি উত্তৰ প্ৰদেশৰ বাসিন্দা

বুধবাৰে ধৰা পৰা ক’ৰ’না ভাইৰাছ আক্ৰান্ত চাৰিজন ব্যক্তিৰ মাজত নলবাৰী জিলাৰো এজন ব্যক্তি থকাৰ তথ্য উদ্ধাৰ হৈছে ৷ কিন্তু এক সূত্ৰৰ মতে, এই ব্যক্তিজন অসমৰ নহয় ৷ তেওঁ উত্তৰ প্ৰদেশৰ ছাম্লি জিলাৰ কেৰাণা গাঁৱৰ বাসিন্দা ৷ দক্ষিণ দিল্লীৰ নিজামুদ্দিন দৰগাহত যোৱা মাহত অনুষ্ঠিত জামাতৰ পৰা তেওঁ নলবাৰীৰ কোনো ব্যক্তিৰ সৈতে আহিছিল ৷ পাছত তেওঁলোক নলবাৰীৰ মোল্লাপাৰাত আছিল বুলি সূত্ৰটোৱে জনায় ৷ সূত্ৰটোৱে জনোৱা মতে, তেওঁলোক একেলগে ১১জন আছিল ৷ ফলত অচিৰেই অসমত ক’ৰ’না পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে ৷ আন তিনিজনৰ ঘৰ জাগীৰোডত ৷ উল্লেখ্য যে দিল্লীৰ নিজামুদ্দিন দৰগাহত যোৱা মাহত অনুষ্ঠিত জামাতত অসমৰ চাৰি শতাধিক লোকসহ দেশ-বিদেশৰ দুই সহস্ৰাধিক লোকে অংশ লৈছিল ৷ ইতিমধ্যে অসমৰ সকলৰ অধিকাংশই ৰাজ্যলৈ ঘূৰি অহাৰ তথ্য উদ্ধাৰ হৈছে ৷ ইয়াৰে বহুতৰে বৰ্তমানৰ অৱস্থানৰ তথ্য উদ্ধাৰ হৈছে যদিও কমেও এশ শুংসূত্ৰহীন হৈ আছে বুলি আজি এখন সংবাদ মেলত প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে, নিজামুদ্দিন কাণ্ডক লৈ দেশজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৷ কাৰণ অবৈধভাবে আয়োজিত এই জামাতত দেশৰ বিভিন্ন ৰাজ্যৰ লোকে অংশ লৈছিল ৷ ইয়াৰে নিজ নিজ ৰাজ্যলৈ উভতি যোৱাসকলৰ সাতজনৰ এই মহামাৰীত মৃত্যু হৈছে ৷ তদুপৰি এই নামাজত অংশ লোৱা কমেও ১৫০জনৰ শৰীৰত এই মহামাৰীৰ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ এই লোকসকল দেশৰ বিভিন্ন স্থানৰ ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables