Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰীঃ নিজামুদ্দিন দৰগাহৰ পৰা দুই সহস্ৰাধিকক উদ্ধাৰ

ক’ৰ’না মহামাৰীঃ নিজামুদ্দিন দৰগাহৰ পৰা দুই সহস্ৰাধিকক উদ্ধাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 April 2020 10:01 AM GMT

ক’ৰ’না মহামাৰীঃ নিজামুদ্দিন দৰগাহৰ পৰা দুই সহস্ৰাধিকক উদ্ধাৰ

যোৱা মাহত দক্ষিণ দিল্লীৰ নিজামুদ্দিন দৰগাহত অনুষ্ঠিত জামাতত অংশ লোৱা সহস্ৰাধিক লোকৰ একাংশৰ জড়িয়তে প্ৰায় সমগ্ৰ দেশত ক’ৰ’না মহামাৰী বিস্তাৰিত হোৱাৰ পাছত চৌদিশে তুমুল আতংকৰ সৃষ্টি হৈছে। আশ্বৰ্যজনক যে ঘটনাটো পোহৰলৈ অহাৰ পাছতো এই দৰগাহত বহু লোকে আশ্ৰয় লৈ আছিল। বুধবাৰে কমেও দুহেজাৰ লোকক চৰকাৰী সংস্থাই উদ্ধাৰ কৰে। অৱশ্যে দৰগাহ কৰ্তৃপক্ষই জামাতত সমবেত লোকৰ দ্বাৰা ক’ৰ’না ভাইৰাছ সংক্ৰমিত হোৱা নাই বুলি দাবী কৰি আহিছে।কিন্তু এই জামাতত অংশ লোৱা লোকসকলৰ মাজৰ ১৩২জন ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।ইয়াৰে চাৰিজন অসমৰ।

উল্লেখ্য যে যোৱা আঠ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত এই জামাতত দেশ-বিদেশৰ বিভিন্ন স্থানৰ লগতে অসমৰো চাৰি শতাধিক অংশ লৈছিল। এই চাৰি শতাধিক লোক সম্প্ৰতি ক’ত আছে, তাৰ কোনো নিশ্চিত তথ্য অসম চৰকাৰে প্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই। অভিযোগ ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ সকলো চৰকাৰী নিৰ্দেশনা উলংঘা কৰি সহস্ৰাধিক লোক নিজামুদ্দিন দৰগাহত সমবেত হৈছিল। এইসকলৰ মাজত ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ লোকো আছিল। পাছত ঘৰলৈ ঘূৰি যোৱা একাধিক ৰাজ্যৰ কমেও সাতজন লোকে ক’ৰ’না মহামাৰীত আক্ৰান্ত প্ৰাণ হেৰুৱায়।আনহাতে, অসম চৰকাৰে এই জামাতত অংশ লোক অসমৰ চাৰি শতাধিক লোকক গৃহ আছুতীয়াকৰণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰ’না মহামাৰী: অসমত আক্ৰান্তৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি