শীৰ্ষ বাতৰি

উত্তৰ-পূবৰ চাহৰ ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীক আহ্বান

Sentinel Digital Desk

উত্তৰ-পূবৰ চাহৰ ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীক আহ্বান অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চাহৰ ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীক আহ্বান এন ই টি এৰ । উত্তৰ পূব চাহ সংস্থা(এন ই টি এই)- ই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক এক্ট-ইষ্ট নীতিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ চাহ উৎপাদক-ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। যাতে চাহ উদ্যোগী তথা ৰপ্তানীকাৰীসকলে চাহৰ ৰপ্তানিৰ ক্ষেত্ৰত উৎসাহ পায় । বৃহস্পতিবাৰে গুৱাহাটীত বিত্তমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছত সংস্থাই তেওঁক এই অনুৰোধ জনায়। সংস্থাটোৱে মতপোষণ কৰে যে পূব আৰু দক্ষিণ এছিয়ালৈ ৰপ্তানিৰ ক্ষেত্ৰত চাহ সদায়ে সাজু কৰি ৰখা এক উত্পাদক সামগ্ৰী ।

উত্তৰ-পূব চাহ সংস্থাই কয় যে চাহ উদ্যোগ প্ৰধানতঃ শ্ৰমিকৰ দ্বাৰা পৰিচালিত উদ্যোগ আৰু ইয়াৰ আয়ৰ ৬০%ধন শ্ৰমিকৰ মজুৰিতে ব্যয় হয় । চাহ উদ্যোগৰ আধা কৃষি আৰু অধিকাংশ চাহ উদ্যোগ‌ গ্ৰামাঞ্চলত অৱস্থিত। ইয়াৰ পৰিপ্ৰেক্ষিতত অধিকাংশ চাহ বাগিচাই বেংকৰ উপযুক্ত সা-সুবিধা নাপায়। সেয়েহে যেতিয়ালৈকে ইন্টাৰনেটৰ সৈতে এ টি এমসমূহ সংযোগীকৰণ সম্পূৰ্ণ হৈ নুঠে, তেতিয়ালৈকে উত্সত কৰ কৰ্তন (টি ডি‌‌ এছ) ২% ৰেহাই দিব পাৰে বুলি উত্তৰ-পূব চাহ সংস্থাই মতপোষণ কৰে।

এন‌ ই টি এৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে বিত্তমন্ত্ৰী সীতাৰমণক বিশেষ পদক্ষেপ গ্ৰহণৰ অনুৰোধ জনাই কয়, “ চাহ উদ্যোগসমূহত একধৰণৰ অনিশ্চিত আৰ্থিক সমস্যা আছে। ব্যাপক স্থায়ী শ্ৰমশক্তি, পতনশীল ফচল, স্থবিৰ দাম, উত্পাদনী ব্যয় আদি দ্ৰুত গতিত বৃদ্ধি পোৱাত চাহ উদ্যোগ অ-বহনক্ষম উদ্যোগত পৰিণত হৈছে”।

অসমৰ চাহ উদ্যোগত লাখ লাখ মানুহৰ জীৱন-জীৱিকা নিৰ্ভৰ হৈ আছে। চাহ উদ্যোগৰ বাবে ৰেহাইযুক্ত পেকেজ ঘোঘিত হ’ব নেকি বুলি সংস্থাই বিত্তমন্ত্ৰীগৰাকীৰ পৰা জানিব বিচাৰে। তদুপৰি চৰকাৰে ৫ বছৰে বেংকত থকা ঋণৰ ৪% ৰেহাই আগবঢ়াব নেকি বুলি বিত্তমন্ত্ৰীক প্ৰশ্ন কৰে চাহ সংস্থাই।

এন ই টি এ কয় যে ইন্দোনেছিয়া, ভিয়েটনাম, শ্ৰীলংকা, বাংলাদেশ আৰু নেপালক বাদ দি আছিয়ান আৰু বিমষ্টেকৰ আন কোনো দেশতে উল্লেখনীয় মাত্ৰাত চাহ উৎপাদন নহয়। কিন্তু এই সকলো দেশ চাহ পান কৰা লোকৰ দেশ।গতিকে অসম তথা উত্তৰ-পূবে চাহ উদ্যোগৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা বহন কৰিছে বুলি মতপোষণ কৰে সংস্থাই। ইয়াৰ কাৰণ ব্যাখ্যা কৰি সংস্থাই উনুকীয়াই যে অসম তথা উত্তৰ-পূব ভৌগোলিকভাবে আছিয়ান আৰু বিস্মষ্টেকৰ দেশসমূহৰ সৈতে সংলগ্ন।