নতুন ভাৰতত উদ্যমীসকলক আস্থাত লোৱা হ’বঃ নিৰ্মলা সীতাৰমণ

নতুন ভাৰতত উদ্যমীসকলক আস্থাত লোৱা হ’বঃ নিৰ্মলা সীতাৰমণ

নতুন ভাৰতত উদ্যমীসকলক আস্থাত লোৱা হ’বঃ নিৰ্মলা সীতাৰমণ । নৰেন্দ্ৰ মোদী চৰকাৰ এনে এখন নতুন ভাৰত নিৰ্মাণত অংগীকাৰবদ্ধ হৈছে, যিখন ভাৰতত উদ্যমী(এণ্টাৰপ্ৰেণিউৰ)সকলৰ ওপৰত আস্থা ৰখা হ’ব। এই মন্তব্য কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। বৃহস্পতিবাৰে গুৱাহাটীত উদ্যোগ আৰু বাণিজ্য জগতৰ প্ৰতিনিধিসকলৰে অনুষ্ঠিত এখন মত-বিনিময় সভাত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰ ব্যৱস্থাৰ সৰলীকৰণ, কৰৰ আওতাৰ পৰা বাহিৰত ৰখা ব্যৱস্থা প্ৰত্যাহাৰ, আয়কৰৰ হাৰৰ হ্ৰাস আৰু কৰ আইনৰ পৰা অপৰাধ ধাৰা প্ৰত্যাহাৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় চৰকাৰে কৰ গাঁথনি ব্যৱস্থাটোৰ সৰলীকৰণৰ চেষ্টা কৰি আছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়,“বৰ্তমানৰ চৰকাৰে আয়কৰ আইনৰ সংশোধন ঘটাই ৭০টা ৰেহাই ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে। তদুপৰি ইয়াৰ অংশ হিচাপে কৰ গাঁথনি ব্যৱস্থাটোৰ সৰলীকৰণৰ চেষ্টা অব্যাহত ৰখা হৈছে। আমি লভ্যাংশ বিতৰণ কৰ আদি ব্যৱস্থা প্ৰত্যাহাৰ কৰিছো।” উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত উদ্যোগসমূহৰ নিজকে প্ৰদৰ্শন কৰিব পৰা সা-সুবিধা থাকিব লাগিব বুলিও মন্তব্য কৰে সীতাৰমণে। এই উদ্যোগসমূহ লাভান্বিত হোৱাটো কামনা কৰি তেওঁ কয় যে এয়া সম্ভৱ কৰি তোলাৰ বাবে আত্ম সহায়ক গোটসমহক অধিক ঋণ লোৱাৰ সুবিধা প্ৰদান কৰা হ’ব।ইয়াৰ দ্বাৰা অৰ্থনীতিলৈ পৰিপূৰক বৰঙনি আগবঢ়োৱাৰ ব্যৱস্থা কৰাৰ লক্ষ্য চৰকাৰে লোৱা বুলি তেওঁ উল্লেখ কৰে।

সামগ্ৰী আৰু সেৱা কৰ(জি এছ টি) সম্পৰ্কে বক্তব্য আগবঢ়াই তেওঁ কেন্দ্ৰীয় জি এছ টি আৰু আন্তঃৰাজ্যিক জি এছ টিৰ পাবলৈ বাকী থকা প্ৰত্যৰ্পণ মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। এইক্ষেত্ৰত পলম হোৱাৰ কখা তেওঁ মানি লয়।ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত অপৰাধৰ বাচ-বিচাৰ কৰা ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ যো-জা চৰকাৰে চলোৱা বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। বিবাদৰ পৰা বিশ্বাস আঁচনি সম্পৰ্কে উনুকীয়াই সীতাৰমণে লগতে কয়, ‘সম্পন্ন কৰা কোনো বন্দৱস্তিৰ ক্ষেত্ৰত আইনগত ব্যৱস্থা লোৱা নহ’ব”। আনহাতে, উদ্যোগ আৰু বাণিজ্য জগতৰ প্ৰতিনিধিৰ এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে অহা পহিলা মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ কেন্দ্ৰীয় পৰোক্ষ কৰ ব’ৰ্ড আৰু সীমা শুল্কৰ সকলো জিলা কাৰ্যালয় কৰ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উ্ত্তৰ আৰু তথ্য জনোৱাৰ বাবে মুকলি থাকিব। সেই অনুসৰি ইচ্ছ্যুকসকলে এনে কাৰ্যালয়ত উপস্থিত হৈ প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰিব। ইপিনে, ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ(এম এছ এম ই)সমূহ সম্পৰ্কে বিতমন্ত্ৰী সীতাৰমণে অনুষ্ঠানত কয় যে এই খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এম এছ এম ইসমূহে ঋণ বিচাৰি ৰাজহুৱা খণ্ডৰ বেংকৰ দ্বাৰস্থ হ’ব পৰা সুবিধা মুকলি কৰা হৈছে বুলিও তেওঁ ঘোষণা কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com