Begin typing your search above and press return to search.

শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীসকলক উন্নত মান প্ৰদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালৰ আহ্বান

শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীসকলক উন্নত মান প্ৰদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালৰ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Feb 2020 5:55 AM GMT

শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীসকলক উন্নত মান প্ৰদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ‌ কলাক্ষেত্ৰত আয়োজিত জ্ঞানজ্যোতি আঁচনি সামৰণি অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে জীৱনৰ জ্ঞান তেতিয়াহে লাভ কৰিব, যেতিয়া তেওঁলোকে শিক্ষাগুৰুসকলৰ নীতি-নিৰ্দেশনা অন্তঃকৰণেৰে পালন কৰিব। জ্ঞানজ্যোতি আঁচনি আৰম্ভ কৰাৰ এয়াই মূল উদ্দেশ্য বুলি সোণোৱালে মন্তব্য কৰে।

তেওঁ লগতে কয় যে কেৱল জ্ঞানৰ দ্বাৰাহে সমাজত পোহৰ বিয়পাব পাৰি । সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে উচিত জ্ঞানৰ সাধনাত নিজকে নিয়োজিত কৰিব লাগে, জীৱনত কঠোৰ পৰিশ্ৰম কৰিব লাগে আৰু সমাজ, ৰাজ্য তথা ৰাষ্ট্ৰৰ বাবে সুনাম কঢ়িয়াই আনিব লাগে বুলি তেওঁ মতপোষণ কৰে । শিক্ষাৰ্থীসকল ৰাষ্ট্ৰৰ ভৱিষ্যত বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয়, “ছাত্ৰ -ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা দৈনিক ১০ ঘন্টা অধ্যয়নৰ জৰিয়তে জীৱনত সফলতা‌‌ লাভ কৰিব পাৰে । শিক্ষাৰ্থী সকলৰ সফলতাৰ জৰিয়তেহে সমাজৰ সফলতা সম্ভৱ”। তদুপৰি তেওঁ শিক্ষাৰ্থী সকলক নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ আৰু শৃংখলা, নিষ্ঠা, সময়নিষ্ঠা অনুসৰণ কৰিবলৈ আহ্বান জনায় ।

শিক্ষাৰ্থীসকলক তেওঁ নিচাযুক্ত দ্ৰব্যৰ পৰা নিজকে আঁতৰত ৰাখিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ১৩০ কোটি লোকৰ বাবে "ফিট ইণ্ডিয়া মুভমেণ্ট"-ৰ আৰম্ভণি কৰিছে যাতে সমাজৰ যুৱক আৰু অন্য শ্ৰেণীৰ লোক সকলে ভাল খাদ্য, ভাল চিন্তা ধাৰাৰ উদ্বুদ্ধ হ'ব পাৰে। তদুপৰি তেওঁ শিক্ষাৰ্থী সকলক জ্ঞান আহৰণৰ বাবে ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই ইয়াৰ দ্বাৰা জ্ঞান ভাণ্ডাৰ বৃদ্ধি কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । লগতে তেওঁ কয় যে যি বাৰ্তাই সমাজ নিৰ্মাণ কৰিব পাৰে তেনে বাৰ্তা বিস্তাৰ কৰিব লাগে আৰু যি সমূহ বাৰ্তাই সমাজত অশান্তি সৃষ্টি কৰিব পাৰে তেনে বাৰ্তাৰ পৰা বিৰত থাকিব লাগে ।‌

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱন গঢ় দিবলৈ বিজ্ঞান-প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলক তেওঁ জল সংৰক্ষণৰ অভ্যাসো গঢ় তুলিবলৈ আহ্বান জনায় ।

তেওঁ কয় যে বৰাক-ব্ৰহ্মপুত্ৰ নদীয়ে নিজৰ উপ-নদীসমূহৰ সৈতে এক জৈৱ বৈচিত্ৰ্য গঢ়ি তুলিছে আৰু সেই বৈচিত্ৰ্য ৰক্ষা কৰোতো ছাত্ৰ-ছাত্ৰীসকলৰ দায়িত্ব। তেওঁ পুনৰ কয় যে গছ-গছনিয়ে সমাজৰ পৰিৱেশতন্ত্ৰত মহত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক পৃথিৱীত সেউজীয়া বঢ়াবৰ বাবে হাত আগবঢ়াবলৈ আহ্বান জনায়।

অন্য খবৰৰ বাবে পঢ়ক : দিল্লীৰ দৰে ঘটনা জীৱনৰ অংগ, হাৰিয়ানাৰ বিজেপি মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য

ভিডিঅ প্ৰতক্ষ্য কৰক : IPL 2020: Rajasthan Royals to conduct camp in Guwahati from today, click here to see the video

Next Story
চাকৰি