দিল্লীৰ দৰে ঘটনা জীৱনৰ অংগ, হাৰিয়ানাৰ বিজেপি মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য

দিল্লীৰ দৰে ঘটনা জীৱনৰ অংগ, হাৰিয়ানাৰ বিজেপি মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য

দিল্লীৰ দৰে ঘটনা জীৱনৰ অংগ, হাৰিয়ানাৰ বিজেপি মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য ।“দিল্লীত শেহতীয়াকৈ অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি কৰা সংঘাতৰ দৰে ঘটনা নতুন নহয়। বৰঞ্চ এনে ঘটনা ভাৰতত প্ৰায়ে সংঘটিত হৈ আহিছে।এনে ঘটনা জীৱনৰ অংগতে পৰিণত হৈছে” । প্ৰায় বিশ্বজুৰি চৰ্চিত উত্তৰ-পূব দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনা সম্পৰ্কে এই বিতৰ্কিত মন্তব্য কৰিছে হাৰিয়ানাৰ মন্ত্ৰী ৰঞ্জিত সিং চৌতালাই।কমেও ২৩জন লোকৰ প্ৰাণহানি ঘটা এই হিংসাত্মক ঘটনা সম্পৰ্কে মন্ত্ৰী চৌতালাই বৃহস্পতিবাৰে সাংবাদিকৰ আগত কয়, “ এনে ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ষড়যন্ত্ৰকাৰীৰ হাতত প্ৰাণ হেৰুওৱাৰ পাছতো এনে গোষ্ঠীগত সংঘাতৰ সৃষ্টি হৈছিল। এই সংঘৰ্ষ এইবাৰৰ লেখীয়াকৈ এঠাইতে সীমাৱদ্ধ নাছিল। বৰঞ্চ সমগ্ৰ দিল্লীত বিয়পি পৰিছিল। গতিকে এনে ঘটনা নতুন নহয়। এনে ঘটনা জীৱনৰ অংগতে পৰিণত হৈছে”।উল্লেখ্য যে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শেহতীয়া দুদিনীয়া ভাৰত ভ্ৰমণৰ অংশস্বৰূপে দিল্লীত উপস্থিত হোৱাৰ সময়তে যোৱা সোমবাৰে উত্তৰ-পূব দিল্লীত নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী একাংশ প্ৰতিবাদকাৰী আৰু এই আইনৰ একাংশ সমৰ্থকৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূ্ত্ৰপাত ঘটে।

দুয়োপক্ষৰ সংঘৰ্ষত দুজন আৰক্ষী বিষয়া-কৰ্মচাৰী আৰু এজন চোৰাংচোৱা বিষয়াসহ কমেও ২৩জন লোকৰ প্ৰাণহানি ঘটে। তদুপৰি উন্মত লোকৰ কেতবোৰ দলে বহু লোকৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান তথা গাড়ী-মটৰ জ্বলাই ছাৰ-খাৰ কৰে। ফলত পৰিস্থিতিৰ শোচনীয় অৱনতি ঘটে। ইয়াৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই দেখা মাত্ৰেই গুলীচালনাৰ নিৰ্দেশ জাৰি কৰে। অৱশেষত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশমৰ্মে বুধবাৰে উত্তৰ-পূব দিল্লীৰ নিৰাপত্তা তথা আইন-শৃংখলাৰ দায়িত্ব স্বয়ং ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড’ভালে গ্ৰহণ কৰে।সম্প্ৰতি উত্তৰ-পূব দিল্লীৰ পৰিস্থিতি শান্ত যদিও অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে। আনহাতে, দিল্লীৰ শেহতীয়া পৰিস্থিতিৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে বিৰোধী কংগ্ৰেছে। বুধবাৰে কংগ্ৰেছৰ অন্তৰ্ৱৰ্তী সভানেত্ৰী ছোনিয়া গান্ধীয়ে এখন সংবাদমেলত শ্বাহৰ পদত্যাগ দাবী কৰে।

তদুপৰি দিল্লীৰ শেহতীয়া এই হিংসাত্মক ঘটনাৱলী সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ ক’ৱিন্দক স্মাৰকপত্ৰ দাখিল কৰিছে বিৰোধী দলটোৱে।সভানেত্ৰী গান্ধীৰ নেতৃত্বত যোৱা এটা দলে ৰাষ্ট্ৰপতি ক’ৱিন্দক স্মাৰকপত্ৰখন প্ৰদান কৰে। ইপিনে, দিল্লীৰ এই হিংসাত্মক ঘটনাৰ বাবে বিভিন্ন পক্ষই একাংশ বিজেপি নেতাৰ বিতৰ্কিত তথা উচতনিমূলক ৰাজহুৱা মন্তব্যক জগৰীয়া কৰিছে। ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ে এই বিজেপি নেতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিছে। আনহাতে, হিংসাত্মক ঘটনা প্ৰতিৰোধত ব্যৰ্থ হোৱাৰ বাবে দিল্লী আৰক্ষীক কৰ্কথনা কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যাযাধীশ এছ মুৰালীধৰক বৃহস্পতিবাৰে পুৱা পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। ইয়াক লৈও আন এক বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com