ক’ৰ’না ভাইৰাছৰ সংহাৰ, য়ুহানৰ পৰা ৭৬ ভাৰতীয়ক দেশলৈ আনিলে বায়ু সেনাই

ক’ৰ’না ভাইৰাছৰ সংহাৰ, য়ুহানৰ পৰা ৭৬ ভাৰতীয়ক দেশলৈ আনিলে বায়ু সেনাই

ক’ৰ’না ভাইৰাছৰ সংহাৰ, য়ুহানৰ পৰা ৭৬ ভাৰতীয়ক দেশলৈ আনিলে বায়ু সেনাই। ভয়াৱহ ক’ৰ’না ভাইৰাছৰ উত্পত্তিস্থল চীনৰ য়ুহানৰ পৰা ভাৰতীয় বায়ু সেনাই এখন বিশেষ বিমানেৰে ৭৬জন ভাৰতীয় লোকক দেশলৈ আনিছে। এই ভাৰতীয়সকলৰ লগতে বাংলাদেশকে ধৰি বিশ্বৰ আন সাতখন দেশৰ ৩৬জন নাগৰিককো ভাৰতীয় বায়ু সেনাই য়ুহানৰ পৰা উদ্ধাৰ কৰি ভাৰতলৈ আনিছে।এনেদৰে মুঠতে ১১২জন লোকক বায়ুসেনাই উদ্ধাৰ কৰে। ক’ৰ’না ভাইৰাছ মহামাৰীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য এই ভাৰতীয় তথা বিদেশী লোকসকলক বায়ু সেনাই উদ্ধাৰ কৰি দেশলৈ অনাৰ তথ্য টুইটাৰযোগে প্ৰকাশ কৰিছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। এই খবৰ পোৱাৰ লগে লগে এই লোকসকলৰ পৰিয়ালবৰ্গই স্বস্তিৰ নিশ্বাস পেলায়। এই দেশী-বিদেশী লোকসকলক উদ্ধাৰ কৰি ভাৰতলৈ অনাত বায়ুসেনাই চি-১৭গ্লবমাষ্টাৰ বিমান ব্যৱহাৰ কৰে। বিমানখনত বৈমানিক, বিমান কৰ্মচাৰীৰ লগতে চিকিত্ক আৰু চিকিত্সাকৰ্মীৰ দল আছিল।স্বাস্থ্যকৰ্মীসকলে লগত ১৫টন ঔষধ ৰাখে। বৃহস্পতিবাৰে পুৱা ৬-৩০বজাত বিমানখন দিল্লীত উপস্থিত হয় । কালি বিমানখনে পালাম বায়ুসেনা কেন্দ্ৰৰ পৰা চিকিত্সক, স্বাস্থ্যকৰ্মী আৰু ঔষধকে ধৰি বিভিন্ন সামগ্ৰীলৈ য়ুহানলৈ উৰা মাৰে। গ্লব মাষ্টাৰ শ্ৰেণীৰ বিমান বায়ুসেনাই যাত্ৰী বা সামগ্ৰী পৰিবহনৰ বাবে ব্যৱহাৰ কৰে। ভাৰতলৈ অনা বিদেশী লোক ৩৬ জনৰ মাজত বাংলাদেশৰ উপৰি ম্যানমাৰ, মালদ্বীপ, চীন, দক্ষিণ আফ্ৰিকা, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মাদাগাস্কাৰৰ নাগৰিক আছে।

তদুপৰি ভাৰতীয় বায়ু সেনাই আন এখন বিশেষ বিমানযোগে ১২৪জন দেশী-বিদেশী লোকক য়ুহানৰ পৰা উদ্ধাৰ কৰি ভাৰতলৈ আনিছে।ইয়াৰে ১১৯জন লোক ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে আন পাঁচজন বিদেশী নাগৰিক। এই লোককেইজন শ্ৰীলংকা, পেৰু, নেপাল আৰু দক্ষিণ আফ্ৰিকাৰ নাগৰিক। উল্লেখ্য যে বৰ্তমানলৈকে ক’ৰ’না ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত চীনৰ পৰা ৬৪০জন ভাৰতীয় লোকক উদ্ধাৰ কৰি দেশলৈ অনা হৈছে। এই কাৰ্যত এয়াৰ ইণ্ডিয়াৰ দুখন বিমান ব্যৱহাৰ কৰা হয়। এই বিমান দুখনে য়ুহানৰ পৰা ভাৰতীয় লোকক দেশলৈ ঘূৰাই আনে। চিকিত্সা বিজ্ঞানীসকলৰ মতে, ক’ৰ’না ভাইৰাছৰ জন্তুৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হয়।এই ৰোগ সম্পৰ্কে অধিক তথ্য উদ্ধাৰৰ বাবে গৱেষণা অব্যাহত আছে। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ বৃক্ক বিকল হোৱাৰ আশংকা থাকে। সাধাৰণতে ৰোগী নিউমোনিয়া আৰু জটিল শ্বাস-প্ৰশ্বাসজনিত সমস্যাত আক্ৰান্ত হয়। ভাৰতত এই জটিল ৰোগত আক্ৰান্ত হোৱা প্ৰথমজন লোক কেৰালাৰ আছিল। চিকিত্সাৰ পাছত তেওঁ সুস্থ হয়। ইতিমধ্যে তেওঁক চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হৈছে। লক্ষ্যণীয় যে ক’ৰ’না ভাইৰাছক চীনৰ দ্বাৰা সৃষ্ট জৈৱিক যুদ্ধৰ আহিলা বুলি বিভিন্নজনে মন্তব্য কৰি আহিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com