Begin typing your search above and press return to search.

গ্ৰাহকৰ সৈতে সংযোগ স্থাপনত অনীহাঃ ৰাজহুৱা খণ্ডৰ বেংকক সমালোচনা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ

গ্ৰাহকৰ সৈতে সংযোগ স্থাপনত অনীহাঃ ৰাজহুৱা খণ্ডৰ বেংকক সমালোচনা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Feb 2020 9:32 AM GMT

গ্ৰাহকৰ সৈতে সংযোগ স্থাপনত অনীহাঃ ৰাজহুৱা খণ্ডৰ বেংকক সমালোচনা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ।চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি গ্ৰাহকৰ সৈতে সংযোগ গঢি তোলাৰ ক্ষেত্ৰত দুৰ্বল ভূমিকা প্ৰদৰ্শন কৰি ৰাজহুৱা খণ্ডৰ বেংকসমূহ ৰোষত পৰিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। বেংকসমূহৰ এনে কাৰ্যই গ্ৰাহকক ঋণ প্ৰদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মাইছে। সেয়েহে বুধবাৰে এই বেংকসমূহক বিত্তমন্ত্ৰীগৰাকীয়ে সমালোচনা কৰে।বুধবাৰে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ মুৰব্বীসকলৰ সৈতে এক আলোচনাত মিলিত হয় বিত্তমন্ত্ৰী সীতাৰমণ। এই আলোচনাতে তেওঁ ৰাজহুৱা খণ্ডৰ বেংকসমূহে গ্ৰাহকৰ সৈতে সম্পৰ্ক গঢি তোলাত প্ৰদৰ্শন কৰা দুৰ্বল ভূমিকাৰ বাবে অসন্তুষ্টি ব্যক্ত কৰে।উল্লেখ্য যে বেংকৰ ঋণ বা ধনৰ অভাৱত দেশত বহু আন্তঃগাঁথনি প্ৰকল্প আধাৰুৱা বা অসম্পূৰ্ণ হৈ ৰৈছে। ইয়ে দেশত আৰ্থিক সংকট সৃষ্টিত অৰিহনা যোগোৱা বুলি একাংশ অৰ্থনীতিবিদে মন্তব্য কৰি আহিছে। কালি আলোচনাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে বৰ্তমানে গ্ৰাহকৰ সৈতে শাখা পৰ্যায়ৰ বেংকসমূহৰ সংযোগ বা সম্পৰ্ক পূৰ্বৰ লেখীয়া নহয়। গ্ৰাহকৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা শাখা পৰ্যায়ৰ বেংকসমূহে গ্ৰাহকৰ সৈতে কামে-কাজে সংযোগ গঢি তুলিব লাগিব বুলি তেওঁ মন্তব্য কৰে।বহু বেংক বিষয়া-কৰ্মচাৰীযে চৰকাৰী আঁচনিসমূহৰ সম্পৰ্কে জ্ঞান বা তথ্য আহৰণ নকৰে বুলি সীতাৰমণে ক্ষোভ প্ৰকাশ কৰে। আলোচনাকালত তেওঁ ইণ্ডিয়ান বেংক এছোচিয়েচনক বিভিন্ন শাখা বেংকৰ বিষয়া-কৰ্মচাৰীক চৰকাৰী আঁচনিসমূহৰ বিষয়ে তথ্য যোগানৰ বাবে এক প্ৰক্ৰিয়া হাতত লবলৈ পৰামৰ্শ দিয়ে। আনহাতে, আলোচনাকালত বিত্তমন্ত্ৰী সীতাৰমণে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা বেংক চামিলকৰণ পৰ্ব অব্যাহত থাকিব। এইক্ষেত্ৰত কোনো অনিশ্চয়তা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “আমি বেংক চামিলকৰণৰ যাত্ৰাত আছোঁ।ইয়াৰ সৈতে জড়িত বেংকৰ মূল কামসমূহ চলি আছে। ইয়াক লৈ আনধৰণৰ চৰ্চা বা জল্পনা-কল্পনাৰ অৱকাশ নাই”। এনেদৰে তেওঁ ১০ টা ৰাজহুৱা খণ্ডৰ বেংকক চামিল কৰি চাৰিটা কৰাটো নিশ্চিত বুলি স্পষ্টভাবে উল্লেখ কৰে। কালি ইণ্ডিয়ান বেংক এছোচিয়েচনে অনুষ্ঠিত কৰা এই অনুষ্ঠানত বিত্তমন্ত্ৰীগৰাকীয়ে ‘ইজ-৩.০’ মুকলি কৰে। ইয়াৰ দ্বাৰা গ্ৰাহকক ঋণ প্ৰদান ব্যৱস্থা সহজ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। উল্লেখ্য যে মোদীৰ নেতৃত্বত এন ডি এই ক্ৰমাগত দ্বিতীয়তো কাৰ্যকালৰ বাবে শপত লোৱাৰ পাছতে বেংক চামিলকৰণ আৰম্ভ হৈছে। ইতিমধ্যে কেইবাটাও বেংকৰ চামিলকৰণ পৰ্ব সম্পন্ন হৈছে। এইক্ষেত্ৰত বাকী থকা ১০টা বেংকৰো শীঘ্ৰে চামিলকৰণ সম্পন্ন হোৱাটো নিশ্চিত হোৱাৰ ইংগিত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ মন্তব্যত স্পষ্ট হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : বাজেটত অন্তৰ্ভুক্ত হ’ব দাবী-সমস্যা! জাতীয়-জনগোষ্ঠীয় সংগঠনৰে মুখ্যমন্ত্ৰীৰ বৈঠক

ভিডিঅ প্ৰতক্ষ্য কৰক : Fire breaks out in Engine of Sealdah-Silchar Janashatabdi Express in Nagaon’s Kampur

Next Story
চাকৰি