Begin typing your search above and press return to search.

বাজেটত অন্তৰ্ভুক্ত হ’ব দাবী-সমস্যা! জাতীয়-জনগোষ্ঠীয় সংগঠনৰে মুখ্যমন্ত্ৰীৰ বৈঠক

বাজেটত অন্তৰ্ভুক্ত হ’ব দাবী-সমস্যা! জাতীয়-জনগোষ্ঠীয় সংগঠনৰে মুখ্যমন্ত্ৰীৰ বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Feb 2020 9:18 AM GMT

বাজেটত অন্তৰ্ভুক্ত হব দাবী-সমস্যা! জাতীয়-জনগোষ্ঠীয় সংগঠনৰে মুখ্যমন্ত্ৰীৰ বৈঠকৰাজ্যৰ বিভিন্ন জাতীয়-জনগোষ্ঠীৰ মূল সমস্যাৱলী সমাধানৰ উদ্দেশ্য আগন্তক ২০২০-২১ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই উদ্দেশ্য বুধবাৰে দিছপুৰ জনতা ভৱনত মৰাণ, মটক, কোচ ৰাজবংশী, টাই আহোম আৰু আদিবাসী চাওতাল জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱাল এক আলোচনাত মিলিত হয়। আলোচনাকালত সোণোৱালে এই জাতি-জনগোষ্ঠীসমূহৰ দাবী আৰু আশা-আকাংক্ষাক প্ৰতিফলিত কৰি আগন্তক বাজেটত প্ৰস্তাৱ অন্তৰ্ভুক্তিৰ বাবে আলোচনাত অংশগ্ৰহণ কৰা সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গৰ পৰা পৰামৰ্শ বিচাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে ৰাজ্য‌ চৰকাৰে খিলঞ্জীয়া লোকসকলক ভূমি পট্টা প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সকলো হিতাধিকাৰীয়ে ২০২১ চনৰ মাৰ্চৰ পূৰ্বে ভূমি পট্টা আৰু আবন্টন পত্ৰ লাভ কৰিব । তদুপৰি আগন্তুক বিত্তীয় বৰ্ষত খিলঞ্জীয়া লোকৰ মাজত আৰু এক লাখ ভূমি পট্টা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে বৈঠকত উল্লেখ কৰে

তেওঁ কয় যে ৰাজ্য চৰকাৰে অসমৰ জাতি-জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ ব্যৱস্থা কৰি আহিছে। লগতে বিভিন্ন জাতি—জনগোষ্ঠীৰ আশা-আকাংশা পূৰণৰ বাবে কাম কৰি আছে বুলিও তেওঁ মন্তব্য কৰে।‌

আনহাতে, বৈঠকত উপস্থিত থাকি বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বে ছয় জনগোষ্ঠীৰ লগত হোৱা বৈঠকৰ পিছতো তেওঁলোকৰ আশা-আকাংক্ষা সমূহ পূৰণ কৰাৰ অৰ্থে কাম কৰা হৈছিল। আগন্তুক বাজেটতো চৰকাৰে জাতীয়-জনগোষ্ঠীসমূহৰ বিভিন্ন সমস্যা আৰু দাবী সমূহ যথাযথভাৱে উপস্থাপন কৰাত গুৰুত্ব প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী শৰ্মাই । উক্ত বৈঠকত মৰাণ, মটক, কোচ ৰাজবংশী,টাই আহোম, আদিৱাসী, চাওতাল জনগোষ্ঠীৰ প্ৰতিনিধিবৰ্গৰ লগতে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী মন্ত্ৰী চন্দন ব্ৰহ্ম, খাদ্য সংসাধন মন্ত্ৰী ফণীভূষণ চৌধুৰী, মন্ত্ৰী যোগেন মহন আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে।

আনহাতে, এক বিবৃতিত প্ৰকাশ পোৱা অনুসৰি কলিতা জনগোষ্ঠী সন্মিলন, কেওঁট জাতীয় পৰিষদ , সদৌ অসম সূত পৰিষদেও তেওঁলোকৰ দাবী সমূহ বাজেটত অন্তৰ্ভুক্তিৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে বৈঠকত মিলিত হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : উজনি অসমত চুলাইৰ বেহা অব্যাহতঃ বিষয়ালৈ সতৰ্কবাণী আবকাৰী মন্ত্ৰীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Gorkhas in Assam are also Indian Indigenous Community – Bharatiya Gorkha Parisangha

Next Story
চাকৰি