Begin typing your search above and press return to search.

উজনি অসমত চুলাইৰ বেহা অব্যাহতঃ বিষয়ালৈ সতৰ্কবাণী আবকাৰী মন্ত্ৰীৰ

উজনি অসমত চুলাইৰ বেহা অব্যাহতঃ বিষয়ালৈ সতৰ্কবাণী আবকাৰী মন্ত্ৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Feb 2020 7:37 AM GMT

উজনি অসমত চুলাইৰ বেহা অব্যাহতঃ বিষয়ালৈ সতৰ্কবাণী আবকাৰী মন্ত্ৰীৰ । উজনি অসমত পুনৰ উদ্বেগজনকভাবে বৃদ্ধি পোৱা অবৈধ সুৰা অৰ্থাত্ চুলাইৰ বেহাক লৈ অৱশেষত গা লৰিল ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। আবকাৰী বিভাগৰ একাংশ বিষয়াৰ সহযোগত চুলাই মাফিয়াই উজনি অসমৰ বিভিন্ন জিলাত জীৱন ধ্বংসকাৰী এই অবৈধ বেহা বিনাবাধাই চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে।বিভাগীয় একাংশ বিষয়াৰ এনে নীতিহীন কাৰ্যৰ বিষয়ে অৱগত হৈ শেহতীয়াভাবে আবকাৰী মন্ত্ৰী শুক্লবৈদ্যই এই বিষয়াসকললৈ কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। মন্ত্ৰীৰ এই কঠোৰ স্থিতি তথা নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আবকাৰী বিভাগৰ আয়ুক্তই উজনি অসমৰ কে’বাখনো জিলাৰ বিভাগীয় জ্যেষ্ঠ বিষয়াবৰ্গলৈ পত্ৰ প্ৰেৰণ কৰিছে।এই কথা সদৰী কৰি বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি কঠোৰ শব্দ প্ৰয়োগৰে আবকাৰী আয়ুক্তই প্ৰেৰণ কৰা এই পত্ৰত উজনি অসমৰ বিভিন্ন জিলাত কৰ্মৰত বিভাগীয় জ্যেষ্ঠ বিষয়াবৰ্গৰ কাম-কাজক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰা হৈছে।

উল্লেখ্য যে যোৱাবছৰৰ ফেব্ৰুৱাৰীত বিষাক্ত চুলাই পান কৰি গোলাঘাট আৰু যোৰহাট জিলাত পুৰুষ-মহিলাসহ শতাধিক শ্ৰমিক শ্ৰেণীৰ লোক মৃত্যুমুখত পৰে। মৃতসকলৰ অধিকাংশই চাহশ্ৰমিক আছিল। দেশজুৰি আলোড়ন সৃষ্টি কৰা এই সুৰা ট্ৰেজেডীৰ পাছতে আবকাৰী বিভাগ চুলাই তথা অবৈধ সুৰাৰ বিৰুদ্ধে তত্পৰ হৈ উঠে যদিও সময় অতিবাহিত হোৱাৰ লগে লগে বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৱলী শিথিল হৈ পৰে। ইয়াৰ সুযোগ লৈ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ আদি জিলাত একাংশ চুলাই ব্যৱসায়ীয়ে পুনৰ এই অবৈধ ব্যৱসায় আৰম্ভ কৰে। এইক্ষেত্ৰত আবকাৰী বিভাগৰ একাংশ বিষয়াই কমিছনৰ বিনিময়ত অসাধু ব্যৱসায়ীসকললৈ সহযোগিতা আগবঢ়োৱাৰ অভিযোগ উত্থাপিত হৈছে। ফলত যোৰহাট-গোলাঘাটৰ সুৰা ট্ৰেজেডীৰ পুনৰাবৃত্তিৰ আশংকা প্ৰকট হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভাগীয় নীতিহীন বিষয়াসকলৰ বিৰুদ্ধে আবকাৰী মন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি চৰ্চিত হৈছে। মন্ত্ৰীৰ কঠোৰ স্থিতিত বিভাগীয় আয়ুক্তই গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ আদি জিলালৈ প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে, “ বাৰে বাৰে নিৰ্দেশনা জাৰি কৰি থকা সত্বেও আপোনালোকৰ জিলাত চুলাইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আবকাৰী পৰিদৰ্শক আৰু জিলা আবকাৰী অধীক্ষকসকলক নিৰীক্ষণত ৰখা হৈছে আৰু কৰ্তব্যৰ প্ৰতি ইচ্ছাকৃতভাবে অবহেলা প্ৰদৰ্শন কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব”।

ইপিনে, উজনি অসমৰ বাগিচা অঞ্চলসমূহত ব্যাপকৰূপত চুলাইৰ বেহা অব্যাহত থকাত উদ্বেগ প্ৰকাশ কৰিছে অসম চাহ মজদুৰ সংঘ(এ চি এম এছ)য়ো।এই সম্পৰ্কত এ চি এম এছৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই ‘দ্যা ছেণ্টিনেল’ক কয় যে যোৱা বছৰৰ সুৰা ট্ৰেজে়ডীৰ পাছতো উজনি অসমৰ চাহবাগিচা অঞ্চলসমূহত চুলাই বা অবৈধ সুৰাৰ বেহা নিয়ন্ত্ৰণলৈ অনা হোৱা নাই।চাহবাগিচা অঞ্চলসমূহক সুৰা নিষিদ্ধ অঞ্চলৰূপে ঘোষণা কৰিবলৈ এ চি এম এছে দাবী জনাই আহিছে বুলি গোৱালাই জানিবলৈ দিয়ে।

অন্য খবৰৰ বাবে পঢ়ক : আগন্তক ২০২১বৰ্ষৰ প্ৰথম ছমাহত নিৰ্মাণ সম্পন্ন হ’ব বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল

ভিডিঅ প্ৰতক্ষ্য কৰক : Gorkhas in Assam are also Indian Indigenous Community - Bharatiya Gorkha Parisangha

Next Story
চাকৰি