আগন্তক ২০২১বৰ্ষৰ প্ৰথম ছমাহত নিৰ্মাণ সম্পন্ন হ'ব বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল

আগন্তক ২০২১বৰ্ষৰ প্ৰথম ছমাহত নিৰ্মাণ সম্পন্ন হ'ব বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল

আগন্তক ২০২১ বৰ্ষৰ প্ৰথম ছমাহত নিৰ্মাণ সম্পন্ন হ'ব বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেলঃ অৰবিন্দ সিং।আগন্তক ২০২১ বৰ্ষৰ প্ৰথম ছমাহত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল কাৰ্যকৰী হ'ব । ইয়াৰ নিৰ্মাণ কাৰ্য তীব্ৰগতিত অগ্ৰগতি লাভ কৰিছে বুলি প্ৰকাশ কৰিছে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ(এ এ আই)ৰ অধ্যক্ষ অৰবিন্দ সিঙে। সিঙে কয় যে সময়ৰ প্ৰয়োজনত গুৰুত্ব প্ৰদান কৰি এ এ আই য়ে উক্ত বিমানবন্দৰত এটা বিশ্বস্তৰীয় সংসহত যাত্ৰী টাৰ্মিনেল ভৱন নিৰ্মাণ কৰি আছে আৰু ইয়াত বিভিন্ন সা-সুবিধাৰে সজ্জিত কৰি তোলা হ'ব ।

এ এ আইৰ অধ্যক্ষ সিঙে বিমানবন্দৰ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয় তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰসমূহৰ বিভিন্ন প্ৰকল্প আৰু পৰিচালনা বুজ লোৱাৰ উদ্দেশ্য প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। ইয়াৰ মাজতে সিঙে প্ৰধান প্ৰধান বিমানবন্দৰসমূহৰ সঞ্চালকসকল আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হয়।

তদুপৰি তেওঁ অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণকো সাক্ষাৎ কৰে আৰু ৰাজ্যৰ বিমানবন্দৰ সম্বন্ধীয় বিভিন্ন বুনিয়াদী ক্ষেত্ৰ আৰু আহিবলগীয়া প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে । মুখ্য সচিব সঞ্জয় কৃষ্ণৰে হোৱা বৈঠকত বিমানবন্দৰ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ সম্পৰ্কীত সমস্যা, নতুন গ্ৰীণফিল্ড বিমানবন্দৰ প্ৰকল্প, দূৰৱৰ্তী স্থানৰ লগত সংযোগ আদি বিভিন্ন বিষয়ত তেওঁ আলোচনা কৰে । উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমত সৰ্বাধিক কাৰ্যকৰী বিমানবন্দৰ আছে আৰু এই বিমানবন্দৰসমূহ বৰঝাৰ , ডিব্ৰুগড়, শিলচৰ, তেজপুৰ, যোৰহাট, আৰু লালবাৰীত অৱস্থিত ।

আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত সিঙে কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কাৰ্গো-টেকিং সুবিধা বঢ়োৱা হ', ইয়াৰ দ্বাৰা কৃষকসকল লাভৱান হ'ব আৰু ৰাজ্যৰ‌ লগতে কাষৰীয়া অঞ্চলসমূহৰো কৃষি-ব্যৱসায় উন্নত হ'ব ।

ইতিমধ্যে এল জি বি আই বিমানবন্দৰ স্থানীয় উৎপাদন আৰু পৰ্যটনৰ মুখ্য কেন্দ্ৰত পৰিণত হৈছে ।এই বিমানবন্দৰৰ পৰা ২০১৯ৰ বছৰটোত প্ৰায় ৬০ লাখ যাত্ৰীয়ে যাতায়াত কৰে ।‌

ইপিনে, ধুবুৰীত নব-নিৰ্মিত ৰূপসী বিমানবন্দৰ সম্পৰ্কে প্ৰশ্ন কৰাত সিঙে কয় যে এ‌ এ আই য়ে অসামৰিক বিমান প্ৰাধিকৰণৰ সঞ্চালকপ্ৰধানৰ অনুজ্ঞাপত্ৰৰ বাবে অপেক্ষা কৰি আছে। এই অনুজ্ঞাপত্ৰ লাভ কৰাৰ তিনি- চাৰি মাহ পিছতেই বিমানবন্দৰটোত যাত্ৰী সেৱা আৰম্ভ হ'ব।

সিঙে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন নিৰ্মাণ স্থানো পৰিদৰ্শন কৰে আৰু প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে বুজ লয় । তদুপৰি সিঙে গুৱাহাটী, ইম্ফল,আগৰতলা, ডিব্ৰুগড়,শিলচৰ, যোৰহাট, শ্বিলং আৰু ডিমাপুৰ বিমানবন্দৰৰ সঞ্চালকসকলৰ সৈতে বিমানবন্দৰৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com