১ মাৰ্চৰ পৰা কাৰাগাৰতে অনশনত বহিব অখিল গগৈ সহ চাৰি কৃষক নেতা

১ মাৰ্চৰ পৰা কাৰাগাৰতে অনশনত বহিব অখিল গগৈ সহ চাৰি কৃষক নেতা

১ মাৰ্চৰ পৰা কাৰাগাৰতে অনশনত বহিব অখিল গগৈ সহ চাৰি কৃষক নেতা । বিজেপি‌ চৰকাৰৰ পদক্ষেপ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন (কা) ৰ বিৰুদ্ধে ১ মাৰ্চৰ পৰা অনশনৰ ঘোষণা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

মঙ্গলবাৰে এন আই এৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ,বিতু কোঁৱৰ আৰু মানস সোণোৱালক । কৃষক নেতা কেইগৰাকীক আদালতত হাজিৰ কৰোৱা সময়তে সংবাদ মাধ্যমৰ আগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অনশনত বহাৰ কথা ঘোষণা কৰে অখিল গগৈয়ে। কা-ৰ বিৰুদ্ধে তেওঁলোকৰ আন্দোলন অব্যাহত থকাৰ লগতে জনসাধাৰণকো এই আইনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আহ্বান কৃষক নেতা কেইগৰাকীৰ । কা বিৰোধী আন্দোলন শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ কৃষক নেতা কেইজনৰ ।

আদালতত হাজিৰ কৰোৱাৰ সময়ত ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰে বিজেপি চৰকাৰে ছয় নং দফাৰ দ্বাৰা ৰাইজক প্ৰতাৰণা কৰা বুলি সংবাদ মাধ্যমৰ আগত কয় ।

আদালতত হাজিৰ কোৰোৱাৰ পিছতেই আটাইকেইজন নেতাকে পুণৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে কাৰাবন্দী নেতা গগৈৰ কণ্ঠস্বৰ পৰীক্ষা কৰিব বিচাৰিছে তদন্ত কৰিব বিচাৰিছে এন আই এ য়ে। এই সন্দৰ্ভত ৪ মাৰ্চত আদালতত শুনানি গ্ৰহণ কৰা হ'ব ।

ইয়াৰ মাজতেই একাংশ প্ৰতিবাদকাৰীয়ে কৃষক নেতাকেইগৰাকীৰ কাৰাগাৰৰ পৰা মুক্তিৰ দাবীত আদালতৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । জয় আই অসম, কা বাতিল কৰিবই লাগিব, আদি বিভিন্ন শ্ল'গানেৰে কৃষক নেতা সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে দেশৰ প্ৰতিটো প্ৰান্তত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে প্ৰৱল প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ মাজতে সংসদত গৃহীত হৈছিল উক্ত আইনখন । সাংসদত কা- গৃহীত হোৱাৰ পিছতেই ২০১৯ চনৰ ১২ ডিচেম্বৰত যোৰহাটৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক নেতা গগৈক ।

তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি সংগঠনটোৰ দ্বাৰা জনসাধাৰণৰ মাজত হিংসাত্মক কাৰ্য বৃদ্ধি আৰু মাওবাদী বিদ্ৰোহী সকলৰ লগত সম্বন্ধ থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

অখিল গগৈৰ মুক্তিৰ দাবী ফ্ৰান্স আৰু পেৰিছতো কৰা হৈছে । কৃষক নেতা কেইজনৰ সমৰ্থনত ফ্ৰান্সৰ আইফেল টাৱাৰৰ সন্মুখত নেতা কেইৰাগৰাকীৰ মুক্তিৰ দাবীত বেনাৰ লগোৱাও পৰিলক্ষিত হয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com