বিজেপিয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে : অসম চাহ জনজাতি ছাত্ৰ সন্থা

বিজেপিয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে : অসম চাহ জনজাতি ছাত্ৰ সন্থা

বিজেপিয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে : অসম চাহ জনজাতি ছাত্ৰ সন্থা । মঙ্গলবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটচা) ই শাসনাধিষ্ট ভাৰতীয় জনতা পাৰ্টীক কটাক্ষ কৰি কয় যে বিজেপিয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ।

গুৱাহাটীত অনুষ্ঠিত এক সংবাদ মেলত অংশ গ্ৰহণ কৰি আটছাৰ সভাপতি ধীৰাজ গোৱালাই কয় যে ৰাজ্য বাজেট ২০১৯-২০ ত চাহ জনজাতি সকলৰ বাবে আৱন্টিত ২০% পূঁজি ও খৰছ কৰা নাই চৰকাৰে । লগতে তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰে আৱন্টন কৰা 'প্ৰি মেট্ৰিক ' ছাত্ৰ ছাত্ৰী সকলৰ বাবে ৩ কোটি আৰু 'পোষ্ট মেট্ৰিক' ছাত্ৰ ছাত্ৰী সকলৰ বাবে ৬ কোটি টকাৰ এই পৰ্যন্ত এটকাও খৰছ কৰা নাই । চাহ বাগিছাৰ কতৃপক্ষৰ দ্বাৰা পৰিচালিত ৪২০ খন প্ৰাথমিক বিদ্যালয় উন্নয়নৰ বাবে ৫০ কোটি টকা আৱন্টন কৰা হৈছিল যদিও এতিয়াও চাহ অঞ্চলত শিক্ষাৰ প্ৰসাৰ শোচনীয় বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।‌ উচ্চ শিক্ষাৰ বাবে বিজেপি চৰকাৰে ঘোষণা কৰা প্ৰায় ২০০ খন বিদ্যালয়ৰ এখনো স্থাপন নকৰাৰ অভিযোগ আটছাৰ । তদুপৰি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱ ছাত্ৰ ছাত্ৰী সকললৈ ১০,০০০ টকাৰ সাহাৰ্য প্ৰদান কৰাৰ কথা আছিল যদিও এতিয়ালৈকে কোনো ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নাই টকা । চাহ অঞ্চল সমূহত প্ৰায় ৮০,০০০ ছাত্ৰ ছাত্ৰী আছে কিন্তু তেওঁলোকক শিক্ষা প্ৰদান কৰাৰ বাবে কোনো শিক্ষকক প্ৰশিক্ষণ দিয়া হোৱা নাই । এজন‌ চাহ কৰ্মচাৰী আৰু এজন‌ শিক্ষকৰ দৈনিক দৰমহা একেই, ১৬৭ টকা ।চৰকাৰে চাহ কৰ্মচাৰী সকলৰ বেতন বৃদ্ধি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰবিবাৰ চাহ কৰ্মচাৰী সকলৰ বাবে বন্ধৰ দিন কিন্তু তেওঁলোক বেতনৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ আটছাৰ ।

বিগত বৰ্ষত বুটলেগ সুৰা সেৱন কৰি মৃত্যু মুখত পৰা ১৬০ জন কৰ্মচাৰীৰ বিষয়টো অসম চৰকাৰক তদন্তৰ দাবী জনাই আটছাই । সংগঠনটোৱে অভিযোগ কৰে যে আজিলৈকে অসম চৰকাৰে ৰাজহুৱা নকৰিলে ঘটনাটোৰ তদন্ত । কেবিনেটে দিয়া সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্ৰীয়ে বন্ধৰ নিৰ্দেশ দিয়া 'লালি গুড়ি' প্ৰচলন বন্ধ হোৱা পৰিৱৰ্তে বৃদ্ধি পাইছে।

এই সংবাদ মেলতে সংগঠনটোৱে তেওঁলোকৰ বিভিন্ন দাবী সম্পৰ্কে ২ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা উল্লেখ কৰে । তদুপৰি অন্যান্য আন দাবী পূৰণৰ দাবীত ১৭ মাৰ্চত প্ৰত্যোক জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com