Begin typing your search above and press return to search.

ছোৱাইন ফ্লুত আক্ৰান্ত উচ্চতম ন্যায়ালয়ৰ ছগৰাকী ন্যায়াধীশ,উচ্চতম ন্যায়ালয়ত আতংক

ছোৱাইন ফ্লুত আক্ৰান্ত উচ্চতম ন্যায়ালয়ৰ ছগৰাকী ন্যায়াধীশ,উচ্চতম ন্যায়ালয়ত আতংক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Feb 2020 12:03 PM GMT

ছোৱাইন ফ্লুত আক্ৰান্ত উচ্চতম ন্যায়ালয়ৰ ছগৰাকী ন্যায়াধীশ,উচ্চতম ন্যায়ালয়ত আতংক ।চীনত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছে ভাৰতত আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে ছোৱাইন ফ্লুত আক্ৰান্ত হৈছে দেশৰ উচ্চতম ন্যায়ালয়ৰ ছগৰাকীকৈ ন্যায়াধীশ। এনেদৰে ন্যায়াধীশকেইগৰাকী ছোৱাইন ফ্লুত আক্ৰান্ত হোৱাত উচ্চতম ন্যায়ালয়ত এক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী গ্ৰহণৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে কৰ্তৃপক্ষই। সৰ্বোচ্চ ন্যায়ালয়ৰ এগৰাকীৰ পাছত আনগৰাকীকৈ মুঠ ছগৰাকী বিচাৰপতি ছোৱাইন ফ্লুত আক্ৰাম্ত হোৱাৰ তথ্য সদৰী কৰি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে সাংবাদিকক জনায় যে ন্যায়ালয় কৰ্তৃপক্ষই এই জটিল ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে বিষয়টোক লৈ দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে আৰু উচ্চতম ন্যায়ালয়ৰ বাৰ এছোচিয়েচনৰ সভাপতি দাভেৰ সৈতে আলোচনা কৰা হৈছে বুলি সদৰী কৰে বিচাৰপতি চন্দ্ৰচূড়ে।মঙলবাৰে ন্যায়াধীশ সঞ্জীৱ খান্নাক মুখত মাস্ক লগাই ন্যায়ালয়লৈ অহা পৰিলক্ষিত হয়।

আনহাতে, ছোৱাইন ফ্লুৱে উচ্চতম ন্যায়ালয়ত সৃষ্টি কৰা বিভীষিকাসদৃশ পৰিৱেশ নিয়ন্ত্ৰণৰ উদ্দেশ্য ন্যায়াধীসকলৰ আৰু অধিবক্তাসকলক প্ৰতিষেধক প্ৰদানৰ শিবিৰ আয়োজনৰ যো-জা চলোৱা হৈছে বুলি জানিবলৈ দিয়ে ন্যায়ালয়ৰ এক সূত্ৰই। সূত্ৰটোৱে জনোৱা মতে, প্ৰতিষেধকৰ খৰচ কৰিব নোৱৰাসকলৰ বাবে ১০ লাখ টকা ব্যয় কৰা হ’ব। অৰ্থাত্ ন্যায়ালয়ৰ সৈতে জড়িত এনে ব্যক্তিসকলক বিনামূল্য প্ৰতিষেধক প্ৰদানৰ সম্ভাৱনা ব্যক্ত কৰে সূত্ৰটোৱে। উল্লেখ্য যে দেশৰ কেতবোৰ অঞ্চলত ছোৱাইন ফ্লুৱে জটিল ৰূপ ধাৰণ কৰি আহিছে। যোৱা জানুৱাৰীত উত্তৰাখণ্ডত ছোৱাইন ফ্লুত ১১জনকৈ লোকে প্ৰাণ হেৰুৱায়। তাৰ পাছতে পাহাৰীয়া ৰাজ্যখনত ছোৱাইন ফ্লুৰ সতৰ্কতা জাৰি কৰা হয়। এই মৃতসকলৰ অধিকাংশই ডেৰাডুনৰ আছিল। তেওঁলোকৰ মাজত এটি এবছৰীয়া শিশুও আছিল। দিল্লীত চিকিত্সাধীন অৱস্থাত শিশুটিৰ মৃত্যু হয়।

এই বাতৰি বিয়পি পৰাৰ পাছত ছোৱাইন ফ্লুক লৈও দেশৰ বিভিন্ন স্থানত আতংকৰ সৃষ্টি হয়। আনহাতে, চীনত সৃষ্ট ক’ৰ’না ভাইৰাছৰ আতংকও দেশৰ সৰ্বত্ৰে বিৰাজ কৰি আছে। সৌভাগ্যবশতঃ উত্তৰ-পূবত এই মহামাৰীত কোনো লোক আক্ৰান্ত হোৱা নাই। অলপতে মণিপুৰত ছজন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছিল। তেওঁলোকৰ তেজৰ নমুনা মহাৰাষ্ট্ৰৰ পুনেস্থিত ৰাষ্ট্ৰীয় ভাইৰাছ বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়। তাত পৰীক্ষাৰ পাছত চাৰিজনৰ নমুনাত ছোৱাইন ফ্লুৰ ভাইৰাছৰ উপস্থিতিহে ধৰা পৰে। ইপিনে, ছোৱাইন ফ্লুক লৈ শংকিত হৈ চু মিজোৰামে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰুপে মিজোৰাম চৰকাৰে আন ৰাজ্যৰ পৰা গাহৰি চালানত নিষেধাজ্ঞা আৰোপ কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক : অসমৰে সীমা বিবাদঃ কেন্দ্ৰক পুনৰীক্ষণৰ দাবী মিজোৰাম চৰকাৰৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : KMSS leaders to stage hunger strike inside jail premises from March 1

Next Story
চাকৰি