অসমৰে সীমা বিবাদঃ কেন্দ্ৰক পুনৰীক্ষণৰ দাবী মিজোৰাম চৰকাৰৰ

অসমৰে সীমা বিবাদঃ কেন্দ্ৰক পুনৰীক্ষণৰ দাবী মিজোৰাম চৰকাৰৰ

অসমৰে সীমা বিবাদঃ কেন্দ্ৰক পুনৰীক্ষণৰ দাবী মিজোৰাম চৰকাৰৰ । অসমৰে সীমা বিবাদ নিষ্পত্তিৰ বাবে কেন্দ্ৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনালে মিজোৰাম চৰকাৰে। ৰাজ্য দুখনৰ এই বিবাদৰ বিষয় পুনৰীক্ষণ কৰিবলৈ এক পত্ৰযোগে কেন্দ্ৰক দাবী জনাইছে মিজোৰামে। যোৱা ১৫ ডিচেম্বৰতে মিজোৰাম চৰকাৰে কেন্দ্ৰলৈ এই পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰ প্ৰেৰণৰ তথ্য মঙলবাৰে বিধানসভাত প্ৰকাশ কৰে ৰাজ্যখনৰ গৃহমন্ত্ৰী লালচামলিয়ানাই। কংগ্ৰেছ বিধায়িনী দলৰ নেতা জডিনটুলুৱাংগাৰ এক প্ৰশ্নৰ উত্তৰ দি গৃহমন্ত্ৰী লালচামলিয়ানাই কয় যে মিজোৰাম চৰকাৰে অসমৰে সীমা বিবাদৰ সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা অটুট ৰাখিছে। উল্লেখ্য যে অসম-মিজোৰাম সীমান্তৰ বৈৰাবী নগৰৰ নিকটৱৰ্তী ঝোফাইত দীৰ্ঘদিন ধৰি সীমা বিবাদ চলি আছে। যুগ যুগ ধৰি বৰ্তি থকা এই বিবাদৰ কোনো সমাধানসূত্ৰ ওলোৱা নাই। লক্ষ্যণীয় যে অসম আৰু মিজোৰামকে ধৰি উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ মাজত চলি থকা সীমা বিবাদ নিস্পত্তিত উত্তৰ-পূব ছাত্ৰ সন্থা(নেছ’)ই অপৰাগতা প্ৰকাশ কৰি আহিছে।

যোৱা বছৰ নেছ’ৰ অধ্যক্ষ ছেমুৱেল জাইৰায়ে স্পষ্টভাৱে কয় যে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ মাজত চলি থকা সীমা বিবাদ নিস্পত্তিৰ বাবে নেছ’ৰ ক্ষমতা নাই। যিসমূহ ৰাজ্যৰ মাজত এনে বিবাদ চলি আছে, সেই ৰাজ্যসমূহৰ চৰকাৰেহে বিবাদ নিষ্পত্তিৰ ব্যৱ্স্থা কৰিব লাগিব বুলি কৰি নেছ’ নেতাজনে মন্তব্য কৰিছিল।আনহাতে, নেছ’ৰ নেতাজনে এক তাত্পৰ্যপূৰ্ণ মন্তব্য কৰিছিল যে মিজোৰাম, অৰুণাচল প্ৰদেশ, নগালেণ্ড, মেঘালয় আদিৰ সীমাত অসমৰ ভূমিত বাস কৰা লোকসকল অসমীয়া নহয়। ইয়াৰ এক উদাহৰণ দি তেওঁ উল্লেখ কৰিছিল যে লাংপিত সমস্যাৰ সৃষ্টি কৰা লোকসকল অসমীয়া নহয়। আনহাতে, অসমৰ উদ্যোগ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০১৮ত বিধানসভাত প্ৰকাশ কৰিছিল যে অসমৰ আঠ হেজাৰৰো অধিক বৰ্গকিলোমিটাৰ পৰিসৰৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰি ৰাখিছে।

চুবুৰীয়া ৰাজ্যৰ বেদখলৰ কবলত পৰা অঞ্চলসমূহ মুক্ত কৰিবলৈ সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকল আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰী পাটোৱাৰীয়ে উল্লেখ কৰিছিল। অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পাটোৱাৰীয়ে অসমৰ ভূমি কেনেদৰে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনৰ কবলত পৰিছে তাৰ তথ্য প্ৰকাশ কৰে। উল্লেখ্য যে কিছু বছৰৰ মূৰে মূৰে অসমত আন্তঃৰাজ্যিক সীমা বিবাদে জটিল ৰূপ ধাৰণ কৰি আহিছে। বিশেষকৈ গোলাঘাট জিলাৰ মেৰাপানী, শিৱসাগৰ জিলাৰ লাকুৱা, গেলেকী, যোৰহাট জিলাৰ মৰিয়নি-নাগাজাংকাত প্ৰায়ে সীমা বিবাদে জটিল ৰূপ ধাৰণ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com