ষ্টাৰ্ট আপ ইণ্ডিয়াঃ অসম দেশৰ ভিতৰতে সবাতোকৈ অগ্ৰাধিকাৰপ্ৰাপ্ত লক্ষ্য ৰাজ্য

ষ্টাৰ্ট আপ ইণ্ডিয়াঃ অসম দেশৰ ভিতৰতে সবাতোকৈ অগ্ৰাধিকাৰপ্ৰাপ্ত লক্ষ্য ৰাজ্য

ষ্টাৰ্ট আপ ইণ্ডিয়াঃ অসম দেশৰ ভিতৰতে সবাতোকৈ অগ্ৰাধিকাৰপ্ৰাপ্ত লক্ষ্য ৰাজ্য

বহনক্ষম বিকাশ লক্ষ্য সমাৰোহ,২০২০ত ডনাৰমন্ত্ৰী ডঃসিং

নৰেন্দ্ৰ মোদী চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূব দেশৰ ভিতৰতে সবাতোকৈ অগ্ৰাধিকাৰপ্ৰাপ্ত লক্ষ্যস্থানত পৰিণত হৈছে। এই মন্তব্য উত্তৰ-পূব উন্নয়ন(ডনাৰ)মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙৰ। সোমবাৰে গুৱাহাটীস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বহনক্ষম বিকাশ লক্ষ্য সমাৰোহ,২০২০ত ভাষণ দি ডনাৰমন্ত্ৰীগৰাকীয়ে কয় যে গুজৰাট আৰু কৰ্ণাটকৰ দৰে ৰাজ্যৰ বহু উদ্যমী(এণ্টাৰপ্ৰেণিউৰ)-এ ষ্টাৰ্ট আপ আঁচনিৰ অধীনত উত্তৰ-পূবত ঔদ্যোগিক কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।অসম তথা উত্তৰ-পূবৰ ৰাজ্যকেইখন ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ ক্ষেত্ৰত কেৱল সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত ৰাজ্যই নহয়, এই ৰাজ্যকেইখন দেশৰ আন অঞ্চলসমূহত ষ্টাৰ্ট আপ আঁচনি ৰূপায়নৰ বাবে সৰ্বাধিক কেঁচামাল আৰু অন্যান্য সম্পদ যোগানৰ ৰাজ্যতো পৰিণত হৈছে বুলি ডনাৰ মন্ত্ৰী ডঃ সিঙে মন্তব্য কৰে। তেওঁ লগতে কয় যে ২০১৪ত মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আগলৈকে উত্তৰ-পূবৰ ৰাজ্যকেইখনে ঘাইকৈ নেতিবাচক কাৰণত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল।কিন্তু বিগত ছবছৰত এই ৰাজ্যকেইখনে উন্নয়ন আৰু ৰূপান্তৰণৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে বুলি ডঃ সিঙে দাবী কৰে।

উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ মুঠ জনসংখ্যা দেশৰ মুঠ জনসংখ্যাৰ তিনিৰ পৰা চাৰি শতাংশহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, “দিল্লীৰ ক্ষমতাৰ ৰাজনীতিৰ ক্ষেত্ৰত এই ৰাজ্যকেইখনে বিশেষ ভূমিকা পালন কৰিব নোৱাৰে। কিন্তু মোদী চৰকাৰে ৰাজনীতিৰ উৰ্ধলৈ গৈ এই ৰাজ্যকেইখনৰ আশা-প্ৰত্যাশা পূৰণৰ প্ৰয়াস কৰি আহিছে।কংগ্ৰেছৰ শাসনত উত্তৰ-পূবে এনে গুৰুত্ব লাভ কৰা নাছিল।" ২০১৪ৰ পৰা উত্তৰ-পূবলৈ কেন্দ্ৰই বাজেটত ধাৰ্য কৰা ধনৰ পৰিমাণো বৃদ্ধি পাই আহিছে বুলিও ভাষণত উল্লেখ কৰে ডনাৰ মন্ত্ৰীজনে। প্ৰতিটো কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ পৰা উত্তৰ-পূবৰ বাবে আৱণ্টিত ১০ শতাংশ ধনৰ সঠিক ব্যয় ডনাৰ মন্ত্ৰণালয়ৰ দ্বাৰা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দি তেওঁ পুনৰ কয়, “ যদি কোনো মন্ত্ৰণালযৰ এই ধন ব্যয়ৰ বাবে আঁচনি নাথাকে তেন্তে সেই মন্ত্ৰণালয়ৰ ধন ডনাৰ মন্ত্ৰণালয়লৈ হস্তান্তৰ কৰিব লাগিব।” নিটি আয়োগ আৰু উত্তৰ-পূব পৰিষদ, অসম চৰকাৰ, টাটা ষ্ট্ৰাষ্ট আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়ন কৰ্মসূচী(ইউ এন ডি পি)আদিৰ দ্বাৰা আয়োজিত এই বহনক্ষম বিকাশ লক্ষ্য সমাৰোহত ভাষণ দি নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে কয় যে বহনক্ষম বিকাশ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উত্তৰ-পূবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আনহাতে, সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমাৰোহ অসমত আয়োজন কৰাৰ বাবে নিটি আয়োগক ধন্যবাদ জনায়।ভাষণত মুখ্যমন্ত্ৰীয়ে লগতে উ্ত্তৰ-পূবৰ উন্নয়ন অধিক আৰু ফলপ্ৰসু কৰাৰ স্বাৰ্থত নিটি আয়োগক অসমত এটা কাৰ্যালয় স্থাপন কৰিবলৈ আহ্বান জনায়।

ভিডিঅ প্ৰতক্ষ্য কৰক : Operation against city buses in Guwahati helped in reducing traffic congestion

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com